বাক্সা, ২৬ এপ্ৰিল :ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ফটো ব্যৱহাৰ কৰি ৰঙাঘৰত সোমাল এজন যুৱক ৷ নিজৰ ৱাটচএপ গ্ৰুপৰ ডিপিত যুৱকজনে ব্যৱহাৰ কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ফটো ৷ এই অপৰাধত তথ্য প্ৰযুক্তি আইনৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ যুৱকজনৰ নাম পংকজ গয়াৰী ৷
বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণকুছিত ঘৰ পংকজ গয়াৰীৰ ৷ জানিব পৰা মতে নিকাছী জ্ঞানপীঠ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ পংকজে নিজৰ বড়ো গৌদান ভাইৰেল ভিডিঅ’ নামৰ ৱাটচএপ গ্ৰুপ এটাৰ ডিপিত ব্যৱহাৰ কৰিছিল ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ফটো ৷ সেই গ্ৰুপটোৰ জড়িয়তে বিভিন্ন লোকলৈ শ্বেয়াৰ কৰিছিল বহু আপত্তিজনক ভিডিঅ' ৷
ভাস্কৰজ্যোতি মহন্তৰ ফটো ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক পাচত সেই বিষয়ত বাক্সা আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়াকৈ তথ্য প্ৰযুক্তি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷ বৰবৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ তালুকদাৰে জানিবলৈ দিয়া মতে ধৃত যুৱকজনে বহুদিন ধৰি আৰক্ষী সঞ্চালক প্ৰধানৰ ফটো ব্যৱহাৰ কৰি আহিছিল ৷ পিছত আৰক্ষীয়ে বিষয়টো তদন্ত কৰি যুৱকজনক ভাৰতীয় দণ্ডবিধি আইনৰ 120 B/500/294 IPC R /WSEC 66D/67A/67B INTACT/2008 ধাৰাৰ অধীনত 42/2021 নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: জীৱন মৰাণৰ প্ৰত্যাৱৰ্তন : প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাৰ প্ৰতিক্ৰিয়া