বাক্সা, 26 জুলাই:কোনো মন্ত্ৰী,বিধায়ক তথা প্ৰশাসনৰ লোক নহয় ৷ বাক্সাৰ গোৰেশ্বৰত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণৰ উদ্দেশ্যে ওলাই আহিল এগৰাকী ইউটিউবাৰ ৷ কেইবাটাও ভিডিঅ'ৰে নিজৰ ইউটিউব চেনেলযোগে ৰাইজৰ মাজত সমাদৰ লাভ কৰা ইউটিউবাৰ ছানি গ'ল্ডেনে দেওবাৰে গোৰেশ্বৰৰ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে সাহাৰ্য ৷
গোৰেশ্বৰৰ বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ ইউটিউবাৰ ছানি গ'ল্ডেনৰ - ইউটিউবাৰ ছানি গ'ল্ডেন
বিগত 11 জুলাইত পুঠিমাৰী নৈৰ মথাউৰি ভাগি প্লাৱিত হৈ পৰিছিল বৃহত্তৰ গোৰেশ্বৰ অঞ্চল ৷ সেই বানাক্ৰান্ত ৰাইজৰ মাজত দেওবাৰে সাহাৰ্য বিতৰণ কৰিলে ইউটিউবাৰ ছানি গ'ল্ডেনে ৷ সাহাৰ্য
সাহায্য বিতৰণ ইউটিউবাৰ ছানি গ'ল্ডেনৰ
বিগত 11 জুলাইত পুঠিমাৰী নৈৰ মথাউৰি ভাগি প্লাৱিত হৈ পৰিছিল বৃহত্তৰ গোৰেশ্বৰ অঞ্চল ৷ যাৰ বাবে বৰ্তমানেও সেই ভগ্ন মথাউৰিৰ ওপৰতে থাকিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে ৷ সেয়ে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি ইউটিউবাৰ গৰাকীয়ে প্ৰায় দুশটা পৰিয়ালৰ মাজত দেওবাৰে বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ লগতে বানৰ বিধ্বস্ত অঞ্চলসমূহৰ লগতে বানাক্ৰান্ত ৰাইজৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনালে চৰকাৰক ৷
লগতে পঢ়ক:বিলাই-বিপত্তি কমা নাই কাজিৰঙাৰ জীৱকূলৰ