বাক্সা, ২২ ছেপ্টেম্বৰ : 22 ছেপ্টেম্বৰ শুকুৰবাৰ বিশ্ব গঁড় দিৱস ৷ গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে উদযাপন কৰা হৈছে গঁড় দিৱস ৷ শুকুৰবাৰৰ দিনটোত মানাহ ৰাষ্ট্ৰীয় উদ্যানত কেইটামান গঁড়ৰ মুক্ত বিচৰণে সকলোকে আমোদ দিবলৈ সক্ষম হয় ৷ প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব গঁড় দিৱস ৷ এইবাৰো উদ্যানখনৰ বাহঁবাৰী বনাঞ্চলৰ উদ্যোগত কাহিতামাত উদযাপন কৰা হৈছে গঁড় দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সভা আহ্বান কৰা পৰিলক্ষিত হয় ৷
22 ছেপ্টেম্বৰৰ দিনটোৰ ঘোষণা ২০১০ চনত ডব্লিউ ডব্লিউ এফ-দক্ষিণ আফ্ৰিকাৰ দ্বাৰা কৰা হৈছিল । আন্নামিটিচি প্ৰতিষ্ঠাপক তথা জিম্বাবোৱেৰ চিচাকৱে ৰেঞ্চৰ গৰাকী লিছা জেন কেম্পবেলে ২০১১ চনত অনুষ্ঠানটোৰ সৃষ্টিশীল পৰিচালক ৰিশজা কোটাৰ সৈতে মিলিত হৈ পাঁচোটা প্ৰজাতিৰ গঁড় বিলুপ্তিৰ পৰা সংৰক্ষণ বা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছিল । বাৰ্ষিক গঁড় দিৱসৰ উদযাপনে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল ।
বিশ্ব গঁড় দিৱস প্ৰথমবাৰৰ বাবে ২০১১ চনত পালন কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ইয়াক বিশ্বজুৰি পালন কৰা হৈছে । চোৰাং চিকাৰ, জলবায়ু পৰিৱৰ্তন আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশত হোৱা বিভ্ৰান্তিৰ ফলত গঁড় বিলুপ্ত হোৱাৰ আশংকা আছে । আজিৰ এই দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটোৱে বিশ্বজুৰি গঁড়ৰ প্ৰজাতিৰ সুৰক্ষা আৰু যত্নৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বিয়পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।