অসম

assam

ETV Bharat / state

World Elephant Day celebration, মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন - World Elephant Day

আজি বিশ্ব হস্তী দিৱস (World Elephant Day) । বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস (World Elephant Day celebration at Manas National Park) ৷

World Elephant Day celebration at Manas National Park in  Baksha
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পত বিশ্ব হস্তী দিৱস উদযাপন

By

Published : Aug 12, 2022, 7:19 PM IST

Updated : Aug 13, 2022, 12:02 PM IST

বাক্সা,১২ আগষ্ট:আজি বিশ্ব হস্তী দিৱস (World Elephant Day) । বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী বনাঞ্চলৰ মহল কেম্পত বিগত বছৰ সমুহৰ সমান্তৰালকৈ এইবাৰো উখল মাখল পৰিবেশৰ মাজেৰে উদযাপন কৰা হয় এই হস্তী দিৱস (World Elephant Day celebration at Manas National Park) ।

এই উপলক্ষে পুৱাৰে পৰা কেম্পত দেখিবলৈ পোৱা যায় এক নান্দনিক দৃশ্য । সৰু-বৰ সকলো হাতীকে একেলগ কৰি কেম্পলৈ অনা হয় । হাতীক গা ধুৱাই চাফ-চিকুণ কৰি ভেকচিন প্ৰদান কৰাৰ লগতে ভিন্ন ফল-মূল, খাদ্য-সামগ্ৰী যোগান ধৰা হয় ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পত বিশ্ব হস্তী দিৱস উদযাপন

এই দিৱসত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰৰ লগতে মানাহৰ সকলো বিষয়ববীয়া উপস্থিত থাকে । উল্লেখ্য যে, হস্তী দিৱসৰ দিনটোতে মানাহৰ গজ গৌৰৱ বঁটা লাভ কৰিছে দন্দেশ্বৰ বড়োৱে ৷ কেৰালাত দন্দেশ্বৰ বড়োক প্ৰদান কৰা হ'ব এই বঁটা ।

লগতে পঢ়ক:World Elephant Day: কাজিৰঙাত নোৱাই-ধুৱাই পূজা কৰা হ’ল পোহনীয়া হাতীক

Last Updated : Aug 13, 2022, 12:02 PM IST

ABOUT THE AUTHOR

...view details