বাক্সা, 14 মে': সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে ৷ কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যে দেশৰ প্ৰায় কেইখন ৰাজ্যৰ লগতে অসমতো বলৱৎ কৰা হৈছে ক'ভিড-19 নিয়ন্ত্ৰণৰ কঠোৰ নীতি ৷ ৰাজ্যত যোৱা 13 মে’ তাৰিখৰ পৰা ইতিমধ্যেই ৰাজ্যত বলৱৎ হৈছে কঠোৰ ক'ভিড বিধি ৷ কিন্তু ৰাজ্য চৰকাৰে নকৈ প্ৰস্তুত কৰা এই কভিড বিধিত উপেক্ষিত হৈ ৰ’ল অসমৰ বাগিচা কৰ্মী সকল ৷
পলে পলে চৰকাৰৰ প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ অহা এই সকল বাগিচা কৰ্মচাৰীৰ বাবে কোনো ধৰণৰ নীতি-নিৰ্দেশনা উল্লেখ কৰা হোৱা নাই নতুন ক'ভিড নীতিত ৷ যাৰ বাবে মৰণত শৰণ দি ক'ভিডৰ ভয়াৱহতাৰ মাজতো বিয়লি 4 বজালৈকে বাগিচাত কামত নিয়োজিত হৈ থাকিবলগীয়া হৈছে বাগিচা কৰ্মী সকল ৷ শুকুৰবাৰে দিনটোত বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত দিনৰ 2 বজাৰ পৰিৱৰ্তে 4 বজালৈকে চলিল শ্ৰমিকৰ কাম ৷ সমগ্ৰ ঘটনা দেখি সচেতন লোকৰ মাজত প্ৰশ্ন উদয় হৈছে যে, সকলোতে যদি ক'ভিড-19 ৰ নীতি নিৰ্দেশনা দিয়া হৈছে তেন্তে কেৱল চাহ বাগিচাত কাম কৰি খোৱা লোকসকলৰ বাবে কিয় নাই কোনো নীতি নিৰ্দেশনা ৷ এওঁলোকৰ শৰীৰত ক'ভিড ১৯ বিয়পি নপৰে নেকি ?