চামগুৰি,24 ছেপ্টেম্বৰ: চামগুৰি সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম মিকিৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভৰাগুৰি সংযোগী এটা অতি গুৰুত্বপূৰ্ণ পথৰে “নিশিকা ৰোডলাইন এল পি জি বটলিং প্লেন্ট” নামৰ এটা কোম্পানীৰ গধুৰ যান বাহন অহা-যোৱা কৰি অহাৰ পৰিপ্ৰেক্ষিতত স্থানীয় মহিলাসকলে দীৰ্ঘদিন ধৰি গ্ৰহণ কৰি আহিছিল পথ অৱৰোধৰ কাৰ্যসূচী(a road of samguri blocked by local women) ৷ কাৰণ , ৪০ টন ওজনৰ গধুৰ চিলিণ্ডাৰ ভৰ্তি দ্ৰুতবেগী বাহনে ১১ টন বহন ক্ষমতা সম্পন্ন পথটোৰ অৱস্থা কৰি পেলাইছিল জৰাজীৰ্ণ ৷ তদুপৰি ইয়ে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত কঢ়িয়াই আনিছিল তীব্ৰ ভাবুকি ৷
যাৰ বাবে স্থানীয় ৰাইজে গ্ৰহণ কৰি আহিছিল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাইজৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই প্ৰশাসনে সাময়িকভাৱে তিনি মাহলৈ গাড়ী সমূহৰ অহা যোৱা বন্ধ কৰি ৰাখিছিল ৷ কিন্তু শুকুৰবাৰৰ নিশা সুৰামত্ত স্থানীয় গাড়ী চালক ৰিন্টু বৰাই স্থানীয় লোক ভদ্ৰেশ্বৰ বৰাৰ সহযোগত প্ৰতিবাদকাৰী মহিলা তথা ৰাইজৰ বাধা-নিষেধক অংগুষ্ঠ প্ৰদৰ্শন কৰি জোৰ-জবৰদস্তি প্লান্টৰ গাড়ী সেই পথেৰে চলোৱাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Local people blocked a road of Samguri)৷