তামুলপুৰ, 28 জুন :গোৰেশ্বৰ ষ্টেট বেংকত প্ৰবঞ্চকৰ কবলত এগৰাকী মহিলা । প্ৰবঞ্চনাৰে প্ৰবঞ্চকে ATM ৰ পৰা উলিয়াই নিলে কেবাহাজাৰ টকা (Woman in the grip of fraudster at Goreswar SBI)। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য ৷
জানিব পৰা মতে, গোৰেশ্বৰৰ ষ্টেট বেংকৰ চাৰিসীমাৰ ভিতৰত থকা ATM টোত মঙলবাৰে পুৱা নিজৰ নামত থকা ATM কাৰ্ডৰ নতুন পিন বনাবলৈ আহিছিল এগৰাকী মহিলা ৷ মহিলাগৰাকীয়ে নিজে পিন কোড বনাব নোৱাৰি লগৰ বন্ধু এজনৰ সহায় বিচৰিছিল । কিন্তু বহু চেষ্টা কৰি বন্ধুগৰাকীয়েও নতুন পিন কোড বনাব নোৱাৰিলে । এই সকলো দৃশ্য প্ৰত্যক্ষ কৰি আছিল সেই স্থানত থকা এজন প্ৰবঞ্চকে ৷
সময়ৰ সুযোগ লৈ মহিলাগৰাকীৰ কাষত উপস্থিত হয় প্ৰবঞ্চকটো ৷ তাৰ পিছত ATM কাৰ্ডৰ নতুন পিন বনাই দিম বুলি কৈ অতি কৌশলেৰে ATM কাৰ্ডখন সাল-সলনি ঘটাই সেই স্থানৰ পৰা উধাও হয় ৷ কিন্তু কিছু সময় পিছতে ওৰহী গছত ওৰ ওলাই পৰে ।