বাক্সা, 20 এপ্ৰিলঃ বাক্সাৰ কুমাৰীকাটাত বন গাহৰি হত্যা কৰাৰ অপৰাধত ৰঙা ঘৰৰ আলহী হ'ল 8 জন লোক। বন আৰক্ষী আৰু এছ এছ বিৰ যৌথ অভিযানত আটক হয় ধৃত লোক কেইজন ৷
বন গাহৰি হত্যা কৰি ৰঙা ঘৰৰ আলহী হ'ল 8 জন - বাক্সা
বন গাহৰি চিকাৰ কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিলে 8 জন লোকক ৷ ইতিমধ্যে ধৃত লোক কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি মুছলপুৰ আদালতত হাজিৰ কৰায় ।
বাক্সাৰ তামুলপুৰৰ কুমাৰীকাটাত বন গাহৰি হত্যা কৰাৰ অপৰাধত ৮ জন লোকক আটক কৰে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে সন্ধিয়া কুমাৰীকাটা বন বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত বন বিভাগৰ লোক আৰু এছ এছ বিৰ যৌথ অভিযানত কালানদীৰ পৰা মৃত অৱস্থাত বন গাহৰি এটাৰ লগতে ৮ জন লোকক আটক কৰিবলৈ সক্ষম হয় । আনহাতে ধৃত লোক কেইজনে চিকাৰ কৰি থকা অৱস্থাতে বন বিভাগৰ হাতত আটক হয়। আটকাধীন লোক কেইজনৰ নাম বুদ্ধি ৰাম মাৰ্ডি,চোম মূৰ্মু,শিৱ কিস্কু,মংগল কিস্কু ,গোবিন বাস্কে,গোপেশ মূৰ্মু, চোম বাস্কে, ৰঞ্জিত মাৰ্ডি ৷ তাৰোপৰি লক ডাউনৰ সময়ছোৱাত বনৰীয়া গাহৰি হত্যা কৰাৰ লগতে আন জন্তুকো হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ ধৃত লোক কেইজনৰ বিৰুদ্ধে ৷ ইতিমধ্যে ধৃত লোক কেইজনৰ ওপৰত বন বিভাগৰ লোকে বন বিভাগৰ আইনৰ অধীনত গোচৰ ৰুজু কৰি মুছলপুৰ আদালতত হাজিৰ কৰায় ।
লগতে পঢ়ক- চিৰাঙৰ মহিলাক ধৰ্ষণৰ অপচেষ্টা চাৰি পাষণ্ডৰ