বাক্সা,30 আগষ্টঃ বাক্সাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বনাঞ্চল কাৰ্যালয়ৰ অন্তৰ্গত কাৰখেলাত শনিবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই এটি পৰিয়ালৰ ব্যাপক ক্ষতিসাধন কৰে ৷ চুবুৰীয়া দেশ ভূটানপৰা খাদ্যৰ সন্ধানত নামনিত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীৰ জাকে আজি কিছুদিন ধৰি পলাশবাৰী কাৰখেলা আদি গাঁৱত তাণ্ডৱ চলোৱাৰ লগতে পথাৰৰ পকা ধান খাই তহিলং কৰিছে ৷
বাক্সাৰ তামুলপুৰৰ কাৰখেলাত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ
ভূটান সীমান্তৰ গাতে লাগি থকা বগাজুলি সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ নিশা হ'লে জনাঞ্চলত প্ৰৱেশ কৰি আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছে ৷
জানিব পৰা মতে দিনৰ ভাগত ভূটান সীমান্তৰ গাতে লাগি থকা বগাজুলি সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ নিশা হ'লে জনাঞ্চলত প্ৰৱেশ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে ৷ শনিবাৰে নিশাও কাৰখেলা গাঁৱত হাতীৰ জাকটোৰ পৰা ফালৰি কাটি প্ৰায় ৪/৫ টা বনৰীয়া হাতী প্ৰবেশ কৰি ৰুক্ম যোগী (৩২) নামৰ লোকজনৰ ঘৰবাৰী ধ্বংস কৰাৰ লগতে ঘৰৰ ভিতৰত থকা সকলো আচবাৱ খাদ্য সামগ্ৰী নষ্ট কৰি কেবালাখ টকাৰ সম্প্ৰতি ক্ষতিসাধন কৰে ৷ ইপিনে গাঁৱৰ লোকসকল ওলাই আহি জুইৰ মোহৰা জ্বলাই, টিন বজাই বন বিভাগৰ সহযোগত হাতীকেইটা খেদিবলৈ সক্ষম হয় ৷