বাক্সা, 20 ডিচেম্বৰ : বিগত প্ৰায় কেইবাদিনো ধৰি বাক্সা জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Elephant Menace in Baksa) ৷ দৈনিক জনাঞ্চললৈ ওলাই আহি ৰাইজৰ বিস্তৰভাৱে ক্ষতি সাধন কৰিছে ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ উত্তৰ প্ৰান্তত হঠাৎ বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত (wild elephant roaming in baksa) ৷ দিনে-নিশাই হাতী খেদাৰ বাবে সাজু হৈ থাকিব লগীয়া ৰাইজে পাহৰি পেলাইছে চকুৰ টোপনি ৷
শুকুৰবাৰে নিশা মুছলপুৰ মহকুমাৰ বাতাবাৰী আঞ্চলিক বন-কাৰ্যালয়ৰ অন্তৰ্গত পাখামাৰা, পলাশী, দধিগাঁও, ব্ৰহ্মপুৰকে আদি কৰি কেইবাখনো গাঁৱত প্ৰায় 150 জনীয়া হাতীৰ জাকে তাণ্ডৱ চলায় ৷ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভঙাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে ৷ খেতিপথাৰ সমূহৰো অনিষ্ট সাধন কৰে (wild elephant destroyed essentials of villagers) ৷