অসম

assam

By

Published : Nov 28, 2019, 10:47 AM IST

ETV Bharat / state

বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

বাক্সাৰ সোনালীপাৰাত বন্যহস্তীৰ তাণ্ডৱ ৷ বন্যহস্তীৰ আক্ৰমণত নিহত হয় উৰ্বশী বসুমতাৰী নামৰ এগৰাকী মহিলা ৷

Wild Elephant Attack at Kumarikata
বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

বাক্সা,28 নৱেম্বৰ : বাক্সাৰ কুমাৰীকাটাৰ সোনালীপাৰাত শোকাৱহ ঘটনা ৷ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী বৃদ্ধা মহিলা । নিহত মহিলাগৰাকী নাম উৰ্বশী বসুমতাৰী ৷

বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা প্ৰায় 10 বজাত সোনালীপাৰা গাঁৱত বনৰীয়া হাতীৰ জাকটোৱে প্ৰৱেশ কৰে ৷ সেই সময়তে উৰ্বশী বসুমতাৰীয়ে বাহিৰলৈ কোনো কামৰ বাবে ওলাই আহে আৰু হাতীৰ জাকটোৰ মাজৰেই এটা হাতীয়ে খেদি-খেদি মহিলাগৰাকীক আক্ৰমণ কৰে ৷ যাৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয় ৷

অন্য এক খবৰৰ বাবে :28 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন


উল্লেখ্য যে বিগত কিছু দিন ধৰি বাক্সা জিলাৰ নাগ্ৰীজুলী,কাউলী,গুৱাবাৰী, চন্দননগৰ,যোগেছপুৰ আদি অঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ চলাই আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details