বাক্সা, 2 জানুৱাৰী: বাক্সা জিলাৰ মুছলপুৰত পত্নীয়ে স্বামীক হত্যা কৰা ঘটনাই লৈছে নতুন মোৰ (Wife Killed husband at Mushalpur) ৷ পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডটো (Sensation Mureder at Mushalpur) ৷ প্ৰেমিকৰ সৈতে লগ হৈ পত্নীয়ে হত্যা কৰিছিল স্বামীক ৷ আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য ৷
উল্লেখ্য যে, 31 ডিচেম্বৰৰ নিশা শুই থকা অৱস্থাতে ব্যৱসায়ী স্বামী হৃদয় বৈশ্যক হাতুৰীৰে কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰিছিল পত্নী কৰবী বৈশ্যই ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই মুছলপুৰ থানাত(Mushalpur Police station) আত্মসমৰ্পণ কৰিছিল হত্যাকাৰী পত্নী কৰবী বৈশ্যই ৷ যি ঘটনাই সমগ্ৰ বাক্সা জিলাখনতে সৃষ্টি কৰিছিল চাঞ্চল্যৰ ৷
কৰবী বৈশ্যই নিজেই স্বামীক হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল যদিও আৰক্ষীৰ জেৰাত উন্মোচন হৈছে চাঞ্চল্যকৰ তথ্য ৷ অকলে নহয়, প্ৰেমিক সুব্ৰত লহকৰৰ সৈতে লগ লাগি কৰবী বৈশ্যই হত্যা কৰিছিল স্বামীক (Mushalpur murder case) ৷
তথ্য অনুসৰি, বিগত দুবছৰ ধৰি বজালীৰ বাঘমাৰাৰ ‘স্কাই ক্লিনিক ডায়গনেষ্টিক চেন্টাৰ’ৰ স্বত্বাধিকাৰী সুব্ৰত লহকৰৰ সৈতে কৰবী বৈশ্যৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক (Illicit love affair) ৷ দুয়োৰে মাজত থকা এই পৰকীয়া প্ৰেমত বাধা হিচাপে থিয় দিছিল স্বামী হৃদয় বৈশ্য ৷