বাক্সা, ২০ জুলাই :আন মহিলাৰে স্বামীৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিল এগৰাকী নৱ বিবাহিতা ৷ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলা আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাকুছি (মাজৰ চুবা) গাঁৱৰ অপূৰ্ব দাস নামৰ এগৰাকী লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰতনপুৰৰ এগৰাকী মহিলা ৷ তেওঁলোকৰ বিবাহ হৈছিল বিগত 2020 চনৰ 22 জানুৱাৰীত ৷ মহিলাগৰাকীৰ অভিযোগ অনুসৰি সামাজিক নীতি-নিয়মৰ মাজেৰে দুয়োৰে বিবাহ অনুষ্ঠিত হৈছিল ৷
মহিলাগৰাকীক পত্নীৰ মৰ্যদা দিয়া নাছিল স্বামী অপূৰ্ব দাসে ৷ মহিলাগৰাকীয়ে স্বামী অপূৰ্ব দাসক পত্নীৰ মৰ্যদা দিয়াৰ কথা কয় যদিও লোকজন সেই কথাৰ পৰা আঁতৰি থাকে ৷ ইয়াৰ বিপৰীতে অপূৰ্বৰ লগতে তেওঁৰ ককায়েক গোপেশ দাস আৰু বৌৱেকে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই বুলি অভিযোগ তুলিছে মহিলাগৰাকীয়ে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে সাংবাদিকৰ আগত সদৰী কৰা মতে, দীৰ্ঘদিনৰ পৰা যে অত্যাচাৰৰ বলি হৈ আহিছে সেই কথা মহিলাগৰাকীৰ ঘৰৰ মানুহ অথবা ওচৰ চুবুৰীয়াক অৱগত নকৰিবলৈ ধমক দিছিল অপূৰ্বৰ পৰিয়ালে ৷
লগতে বৌৱেকৰ সৈতে দীৰ্ঘদিন ধৰি অপূৰ্বই অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি অভিযোগ তুলিছে অপূৰ্বৰ পত্নীয়ে ৷ অপূৰ্ব আৰু বৌৱেকৰ অবৈধ শাৰীৰিক সম্পৰ্কৰ কথা অপূৰ্বৰ ককায়েক গোপেশ দাসক অৱগত কৰাৰ পাচত মহিলাগৰাকীক শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ তুলিছে ৷ পৰৱৰ্তী সময়ত অপূৰ্বৰ ককায়েক গোপেশ দাসে যৌতুকৰ নামত পাঁচ লাখ টকা দাবী কৰি দুৰ্ভগীয়া মহিলাগৰাকীক ৰতনপুৰৰ ঘৰত থৈ যায় ।