অসম

assam

ETV Bharat / state

মৰেল পুলিচৰ ভাইৰেল ভিডিঅ’ক লৈ পশ্চিম আমবাৰীবাসীৰ সংবাদমেল - আমবাৰীবাসীৰ সংবাদমেল

বাক্সাত মৰেল পুলিচগিৰি সৰ্ন্দভত ভাইৰেল হৈ পৰা এক ভিডিঅ’ বাক্সা জিলাৰ নিকাছীৰ সমীপৱৰ্তী পশ্চিম আমবাৰীৰ বুলি বিভিন্ন মহলে দাবী কৰি থকাৰ সময়তে শুকুৰবাৰে পশ্চিম আমবাৰীবাসীয়ে সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত এক স্পষ্টীকৰণ দিয়ে ।

বাক্সাত মৰেল পুলিচগিৰি ঘটনাক কেন্দ্ৰকৰি পশ্চিম আমবাৰীবাসীৰ সংবাদমেল
বাক্সাত মৰেল পুলিচগিৰি ঘটনাক কেন্দ্ৰকৰি পশ্চিম আমবাৰীবাসীৰ সংবাদমেল

By

Published : May 1, 2021, 11:08 AM IST

বাক্সা, 1মে: চুমিলা ৰংহাঙপীৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই বাক্সাৰ নিকাছীৰ সমীপৱৰ্তী পশ্চিম আমবাৰীত যোৱা ২৭ এপ্ৰিলত এগৰাকী অসহায় মহিলাক ৰাজহুৱা সভাত নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ এক বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত । ভাইৰেল ভিডিঅ’টো বাক্সা জিলাৰ নিকাছীৰ সমীপৱৰ্তী পশ্চিম আমবাৰীৰ বুলি বিভিন্ন মহলে দাবী কৰি থকাৰ সময়তে শুকুৰবাৰে পশ্চিম আমবাৰীবাসীয়ে সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত এক স্পষ্টীকৰণ দিয়ে ।

বাক্সাত মৰেল পুলিচগিৰি ঘটনাক কেন্দ্ৰকৰি পশ্চিম আমবাৰীবাসীৰ সংবাদমেল

গাঁওৱাসীয়ে সংবাদমেল যোগে কয় যে, উক্ত ঘটনাটো পশ্চিম আমবাৰীত সংঘটিত হোৱা নাই আৰু মিছাকৈ তেওঁলোকক দোষাৰোপ কৰি থকাটো অতিকৈ দুৰ্ভাগ্যজনক । ঘটনাটো যিয়েই নকৰক সেয়া সঁচাকৈয়ে নিন্দনীয় আৰু ঘটনা সংঘটিত কৰা ব্যক্তিসকলক আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে । লগতে তেঁওলোকে প্ৰয়োজনত আৰক্ষীক সহায় কৰিবলৈও সম্পূৰ্ণ প্ৰস্তুত বুলি সদৰি কৰে ।

উল্লেখযোগ্য যে, যিটো ঘটনা পশ্চিম আমবাৰীৰ বুলি দাবী কৰি থকা হৈছিল সেয়া আচলতে কোন ঠাইৰ সেই কথা এতিয়ালৈকে আৰক্ষী অথবা কোনো এটা মহলে স্পষ্টকৈ ক'ব পৰা নাই ৷

লগতে পঢ়কঃ বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট

ABOUT THE AUTHOR

...view details