অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত জয়ী বাক্সাৰ খেলুৱৈসকলক সম্বৰ্ধনা - baksa news

উত্তৰ প্ৰদেশ ৰাজ্যিক ক্ৰিয়া সন্থা আৰু অল ইণ্ডিয়া যুৱ গেমছ এণ্ড স্প’ৰ্টছ ট্ৰাষ্ট, ইণ্ডিয়াই আয়োজন কৰা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত বঁটাপ্ৰাপ্ত বাক্সাৰ খেলুৱৈসকলক দেওবাৰে সম্বৰ্ধনা জনায় জিলা টাইকোৱাণ্ডো সন্থাই ৷ এই প্ৰতিযোগিতাত অসমৰ দলটোৱে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু ছোৱালী শাখাত বাক্সা জিলাৰ নিকিতা শৰণীয়াই শ্ৰেষ্ট যুঁজাৰুৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

baksa tiquando winners
বাক্সাৰ টাইকোৱাণ্ডো খেলুৱৈসকলক সম্বৰ্ধনা

By

Published : Nov 15, 2020, 9:37 PM IST

বৰমা,15 নৱেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত বৰমা তথা বাক্সা জিলাৰ বৃহৎ সাফল্য ৷ 24 আৰু 25 অক্টোবৰত উত্তৰ প্ৰদেশ ৰাজ্যিক ক্ৰিয়া সন্থা আৰু অল ইণ্ডিয়া য়ুথ গেমছ এণ্ড স্প’ৰ্টছ ট্ৰাষ্ট, ইণ্ডিয়াই আয়োজন কৰা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ দলটোৱে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু ছোৱালী শাখাত বাক্সা জিলাৰ নিকিতা শৰণীয়াই শ্ৰেষ্ট যুঁজাৰুৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

বাক্সাৰ টাইকোৱাণ্ডো খেলুৱৈসকলক সম্বৰ্ধনা

দেওবাৰে বাক্সা জিলাৰ খেলুৱৈসকলক বৰমাৰ বাক্সা প্ৰেছ ক্লাৱত জিলা টাইকোৱাণ্ডো সন্থাই সম্বৰ্ধনা জনায় ৷

সন্মান লাভ কৰা খেলুৱৈসকল ক্ৰমে : দ্বীপেন ঠাকুৰীয়া-সোণৰ পদক (ছিনিয়ৰ পুমচে আন্দাৰ 40), নিকিতা শৰণীয়া-সোণৰ পদক (ছোৱালীৰ ছিনিয়ৰ ফাইণ্টিং 46 কেজি), ৰশ্মিতা হাজৰিকা-ৰূপৰ পদক (ছোৱালীৰ জুনিয়ৰ শাখাত আন্দাৰ 42 কেজি), বিকাশ প্ৰতিম হাজৰিক -সোণৰ পদক (কেডেট 36 কেজি), চুমন বৰ্মন -সোনৰ পদক (কেডেট 33 কেজি), ভাস্কৰ হাজৰিকা-সোণৰ পদক (ছিনিয়ৰ পুমচে আন্দাৰ 30 ) আৰু জুমন মজুমদাৰ-ব্ৰঞ্জৰ পদক (জুনিয়ৰ বয়জ 45 কেজি) ৷

লগতে পঢ়ক :ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েচনৰ নলবাৰী জিলা সমিতি গঠন

ABOUT THE AUTHOR

...view details