অসম

assam

ETV Bharat / state

বিলুপ্তিৰ পথত অভিযন্তা চৰাই

বাক্সা জিলাৰ খৈৰাণী পাগলদীয়া নদীৰ পাৰৰ য'ত কেইজোপামান তামোল গছত টোকোৰা চৰায়ে বাহ সাজি আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত বিৰল হৈ পৰা এই নয়নাভিৰাম দৃশ্যই সৌন্দৰ্য চৰাইছে অঞ্চলটোত ৷

ক্ৰমাৎ বিলুপ্তিৰ পথত ঘৰ সঁজাৰ অভিযন্তা খ্যাত টোকোৰা চৰাই

By

Published : Jun 11, 2019, 11:06 PM IST

বাক্সা, 11 জুন : সৰুতে গাঁৱৰ পদুলিৰ নাৰিকল কিম্বা বাৰীৰ তামোল গছত হালি হালি টোকোৰা চৰায়ে বাহ সাজি থকা আমি সকলোৱে দেখিছো ৷ মানুহৰ বসতিৰ মাজতে টোকোৰা চৰায়ে ঘৰ সজা দৃশ্যই আমাক সকলোকে আকৰ্ষিত কৰিছিল ৷ কিন্তু বৰ্তমান আধুনিকতাৰ যুগত অত্যাধুনিক প্ৰযুক্তিয়ে জীৱ জগতৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি । কি চহৰ , নগৰ,পাহাৰ ভৈয়াম এতিয়া গাঁৱে গাঁৱে অত্যধিক মাত্ৰাত ম'বাইল টাৱাৰ স্থাপনৰ ফলত টাৱাৰসমূহৰ পৰা নিৰ্গত হোৱা ৰেডিশ্বনে ক্ৰমাৎ সংকট কঢ়িয়াই আনিছে কণমানি টোকোৰা চৰাইবিধলৈ ৷

ক্ৰমাৎ বিলুপ্তিৰ পথত ঘৰ সঁজাৰ অভিযন্তা খ্যাত টোকোৰা চৰাই

ইয়াৰ মাজতে বাক্সা জিলাৰ খৈৰাণী পাগলদীয়া নদীৰ পাৰৰ য'ত কেইজোপামান তামোল গছত টোকোৰা চৰায়ে বাহ সাজি আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত বিৰল হৈ পৰা এই নয়নাভিৰাম দৃশ্যই সৌন্দৰ্য চৰাইছে অঞ্চলটোত ৷

ABOUT THE AUTHOR

...view details