অসম

assam

By

Published : Feb 5, 2020, 10:38 AM IST

Updated : Feb 5, 2020, 11:36 AM IST

ETV Bharat / state

দীৰ্ঘদিনে জল সংকটত ভোগা বাক্সাৰ এখন গাঁৱৰ কথাৰে!

দীৰ্ঘদিনে জল সংকটত ভোগা বাক্সাৰ ১ নং দোঙাগাঁৱৰ ফিটকেজান গাঁৱত আজিকোপতি নহ’ল জল সংকট নিৰ্মূলকৰণ ৷ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি কেতিয়াবা জল সংকটৰ ফলত মাৰপিটৰ ঘটনাও সংঘটিত হয় উক্ত অঞ্চলত ৷ ৰাজ্য চৰকাৰক গাঁৱবাসীৰ সুবিথাৰ্থে এটা পানীৰ ব’ৰিং স্থাপন কৰি দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি দিবলৈ অনুৰোধ জনাইছে গাঁৱবাসীয়ে ৷

বাক্সা
জল সংকট

বাক্সা,5 ফেব্ৰুৱাৰীঃ জল সংকটৰ সন্মুখীন বাক্সাৰ এখন গাওঁ ৷ গাঁৱখনত সম্প্ৰতি পানীৰ বাবে মাৰপিট কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পানীয়ে প্ৰাণ শীৰ্ষক আপ্ত বাক্যশাৰীৰ মূল্য আখৰে আখৰে উপলব্ধি কৰা গাঁৱখন আছে অসমৰ বাক্সা জিলাত ৷ গাঁৱখন হৈছে জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টি আৰু বি টি চি-ৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ ১ নং দোঙাগাঁৱৰ ফিটকেজান গাঁও । স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি বাৰিষাৰ সময়চোৱাত গাঁৱখনত থকা কুঁৱাসমুহ পানীৰে ভৰি থাকে ৷ কিন্তু খৰালি সময়ত এই অঞ্চলৰ সকলোবোৰ কুঁৱা শুকাই যায় । ফলত সৃষ্টি হয় জল সংকটৰ ৷ অঞ্চলটোৰ ৰাইজে বহুদূৰ বাটকুৰি অন্য লোকৰ কুঁৱাৰ পৰা পানী কঢ়িয়াবলগীয়া হয় ৷ দিনটোৰ প্ৰায় প্ৰতিটো সময়তে ল’ৰা-ছোৱালীকে ধৰি মহিলাসকলে পানী সংগ্ৰহৰ বাবে ব্যস্ত থাকিবলগীয়া হয় ৷

পানীৰ বাবে মাৰপিটৰ সৃষ্টি

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি কেতিয়াবা এই পৰিস্থিতিৰ ফলত মাৰপিটৰ ঘটনাও সংঘটিত হয় ৷ অঞ্চলটোৰ ৰাইজে পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰক গাঁৱবাসীৰ সুবিথাৰ্থে এটা পানীৰ ব’ৰিং স্থাপন কৰি দীৰ্ঘদিনীয়া এই পানীৰ সমস্যাৰ পৰা মুক্তি দিবলৈ অনুৰোধ জনাইছে ৷ ৰাইজৰ অনুৰোধ চৰকাৰে কিদৰে গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ’ব ৷

জল সংকট

লগতে চাওকঃটীয়কত বাছ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত 8 যাত্ৰীঃ সোণাপুৰতো দুৰ্ঘটনাত নিহত মহিলা

Last Updated : Feb 5, 2020, 11:36 AM IST

ABOUT THE AUTHOR

...view details