অসম

assam

By

Published : Nov 9, 2019, 8:11 PM IST

ETV Bharat / state

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ অন্ঠাইবাৰীবাসীৰ

বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ সমস্যাই জুৰুলা কৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ বগাজুলীৰ অন্ঠাইবাৰী গাঁৱৰ ৰাইজক ৷ বিশুদ্ধ খোৱাপানীৰ অভাৱত বহু লোক আক্ৰান্ত হৈছে বিভিন্ন অচিন ৰোগত ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ অন্ঠাইবাৰীবাসীৰ

বাক্সা, 9 নৱেম্বৰঃবছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ সমস্যাই জুৰুলা কৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ বগাজুলীৰ অন্ঠাইবাৰী গাঁৱৰ ৰাইজক ৷ বহু বছৰ ধৰি ভূটান পাহাৰৰ পৰা বৈ অহা লেতেৰা পানী ব্যৱহাৰ কৰিয়ে দুৰ্বিসহ জীৱন কটাইছে এই গাঁওবাসীয়ে ৷ ইয়াৰ ফলত ইতিমধ্যে বহু লোক আক্ৰান্ত হৈছে বিভিন্ন অচিন ৰোগত । স্থানীয় জন প্ৰতিনিধি সকলক গাঁও খনৰ খোৱাপানীৰ সমস্যাৰ বিষয়ে বহুবাৰ অৱগত কৰোৱা হৈছিল যদিও কোনো ধৰণৰ সহাঁৰি নোপোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে ৷

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ অন্ঠাইবাৰীবাসীৰ

ৰাজ্যত চৰকাৰ পৰিৱৰ্তনেও সলনি কৰিব পৰা নাই এই গাঁৱৰ দীৰ্ঘদিনিয়া সমস্যাৰ ৷ শতাধিক লোকে বসবাস কৰা এই গাঁওখনত আজিপৰ্যন্ত চৰকাৰৰ পানী যোগান আঁচনিয়ে ঢুকি নোপোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে একাংশই ৷ চৰকাৰ আৰু স্থানীয় জন প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ভুক্তভোগী ৰাইজে ৷

আৰু পঢ়কঃ অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details