অসম

assam

ETV Bharat / state

আজিও বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বাক্সাৰ সীমান্তৱৰ্তী অঞ্চলৰ লোক

বৰ্তমানেও নদী-নিজৰাত গাত খান্দি পানী সংগ্ৰহ কৰে বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দুৰ্গাপুৰৰ ভাংগ্ৰীকুছিৰ স্থানীয় বাসিন্দাই ৷ বিগত 30 বছৰৰ পৰা এটুপি খোৱা পানীৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে সীমান্তৱৰ্তী অঞ্চলটোৰ প্ৰায় 2 শতাধিক লোকে ৷

বাক্সাৰ সীমান্তৱৰ্তী অঞ্চলৰ লোক
বাক্সাৰ সীমান্তৱৰ্তী অঞ্চলৰ লোক

By

Published : Sep 3, 2020, 2:02 PM IST

বাক্সা, 3 চেপ্তেম্বৰ:এটুপি খোৱা পানীৰ বাবে বিগত 30 বছৰৰ পৰা দুৰ্ভোগ ভুগিবলগীয়া হৈছে বাক্সাৰ সীমান্তৱৰ্তী অঞ্চলৰ একাংশ ৰাইজে ৷ বৰ্তমানেও নদী-নিজৰাত গাত খান্দি পানী সংগ্ৰহ কৰে বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দুৰ্গাপুৰৰ ভাংগ্ৰীকুছিৰ স্থানীয় বাসিন্দাই ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি অঞ্চলটোৰ প্ৰায় 2 শতাধিক লোকে নদী-নিজৰাত গাঁত খান্দি সংগ্ৰহ কৰা পানীয়েই সেৱন কৰি আহিছে বিগত 30 বছৰে ৷

আজিও বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বাক্সাৰ সীমান্তৱৰ্তী অঞ্চলৰ লোক

উল্লেখ্য যে, বিপিএফ দলৰ 17 বছৰীয়া শাসন কালত তেওঁলোকে কাহানিও নাপালে খোৱা পানীৰ উচিত ব্যৱস্থা ৷ যাৰ বাবে ভিন্ন বেমাৰ-আজাৰত ভুগে প্ৰাপ্তবয়স্ক লোক সকলৰ লগতে শিশুসকলো ৷ বহুদিনে ৰাইজে তেওঁলোকৰ সেই সমস্যাৰ বিষয়ে জন প্ৰতিনিধি সকলক আবেদন-নিবেদন কৰিছে যদিও আজিলৈ তেওঁলোকে নাপালে কোনো সুফল ৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং ভুক্তভোগী ৰাইজেই ৷ অঞ্চলটোলৈ জন প্ৰিতিনিধি আহে আৰু তেওঁলোকক হেনো কেৱল কৈ যায় ভোট দিয়ক তেতিয়াহে খোৱা পানীৰ টেংকী দিম, ৰাস্তা-ঘাটো নিৰ্মাণ কৰি দিম ৷ সেই আশাতে ৰাইজে ভোট দি গৈছে দিও আজি পৰ্যন্ত তেওঁলোকৰ সেই সমস্যা সমস্যা হৈয়ে ৰ'ল ৷ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাচতে জন প্ৰতিনিধি সকলে তেওঁলোকৰ প্ৰতিশ্ৰুতি পাহৰি যায় বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অমান্য কৰি কলাইগাঁৱত বিপিএফৰ নিৰ্বাচনী সভা

ABOUT THE AUTHOR

...view details