বাক্সা, 22 মাৰ্চ: আবিৰৰ ৰঙত ৰাজ্যবাসী মতলিয়া হৈ থকাৰ সময়তে বাক্সা জিলাৰ বৰমাত অঘটন ৷ পাগলদিয়া নদীত গা ধুবলৈ গৈ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কালজাৰ গাৱৰ ৰবেন স্বৰ্গীয়াৰীৰ একমাত্ৰ পুত্ৰ মুন্না স্বৰ্গীয়াৰীৰ সলিল সমাধি ঘটে ৷ ফাকুৱাৰ ৰং খেলি উঠি সমনীয়াৰ লগত মৰাপাগলদিয়া নদীলৈ গা ধুবলৈ গৈছিল মুন্না ৷ গা ধুবলৈ গৈ নদীৰ দ-খাৱৈত হঠাৎ মুন্নাৰ লগতে সমনীয়াকেইজনে গাঁতত সোমাই পৰে আৰু পানীৰ ভিতৰতে আবদ্ধ হৈ পৰে ৷ বহু সময় ধৰি পানীৰ পৰা উঠি আহিবলৈ চেষ্টা কৰি মুন্নাৰ বন্ধুকেইজনে দ-খাৱৈৰ পৰা উঠি আহিবলৈ সক্ষম হয় যদিও মুন্না ৰৈ যায় দ-খাৱৈত ৷ অৱশেষত স্থানীয় ৰাইজক খৱৰ দিয়াত মুন্নাক খাৱৈৰ পৰা উঠাই আনি ততাতৈয়াকৈ বৰমা আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় কিন্তু চিকিৎসকে মুন্নাক মৃত বুলি ঘোষণা কৰে ৷
নদী খননে প্ৰাণ ললে স্কুলীয়া শিশুৰ!
পাগলদিয়াত গা ধুবলৈ গৈ মৃত্যুক সাৱতিলে 11 বছৰীয়া ছাত্ৰই
পানীত পৰি সলিল সমাধি ছাত্ৰৰ
উল্লেখযোগ্য যে পাগলদিয়া নদীত ভবেন তালুকদাৰ নামৰ ঠিকাদাৰ এজনে চৰকাৰৰ বিনা অনুমতিত নদীত খনন কাৰ্য্য চলাই আৰু খননৰ ফলত দ-খাৱৈ সৃষ্টি হৈ পৰে ৷ যাৰ বাবে কৰুণ মৃত্যুক সাৱতি লবলগীয়া হয় 11 বছৰীয়া মুন্না নামৰ কণমাণি ছাত্ৰটোৱে ৷ স্থানীয় ৰাইজে অতি শীৰ্ঘে এই খনন কাৰ্য বন্ধ কৰিবলৈও দাবী জনাই ৷