বাক্সা, ২৬ মে’:বুধবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হয় বিটিআপ প্ৰধান প্ৰমোদ বড়ো ৷ মুছলপুৰৰ উপায়ুক্তৰ ভিডিঅ' কনফাৰেঞ্চ হলত ভিডিঅ' যোগে বুধবাৰে বিটিআৰৰ চাৰিখন জিলাৰ উপায়ুক্ত, স্বাস্থ্য যুটিয়া সঞ্চালকৰ লগতে বিভিন্ন উচ্চ পদস্থ বিষয়া সকলৰ সৈতে মত বিনিময় কৰে ৷
বিটিআৰৰ ৰাইজক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷ বিটিআৰৰ ৩৫ লাখ জনসাধাৰণৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ এই চৰকাৰৰ ৷ ৰাইজৰ জনপ্ৰতিনিধিয়ে ৰাইজৰ লগত থকাতো প্ৰকৃত ৰাইজৰ সেৱক ৷ কোনোবাই চৰকাৰৰ লগত থাকি কাম নকৰাতো তেওঁলোকৰ নিজা কথা বুলিও কয় বড়োৱে ৷
বিটিআৰক অস্ত্ৰ মুক্ত বিচাৰোঃ প্ৰমোদ বড়ো ডাঃ তৰবি বড়ো অসামৰিক চিকিৎসালয়ত আইচিইউৰ বিচনা পৰিদৰ্শন কৰে বড়োয়ে ৷ ক’ভিডৰ সময়ত স্বাস্থ্য বিভাগৰ লগত কাম কৰা সকলক সেৱা কৰিবলৈ আহ্বান জনায় ৷ বৰ্তমান বিটিআৰত অস্ত্ৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে যিটো আমাৰ কাৰণে শুভ লক্ষ্যণ নহয়, সকলো অভিভাৱকক এইক্ষেত্ৰত সচেতন হ’বলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷
কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশ পোৱা বাক্সাত ডাইনী হত্যাকাণ্ডৰ বাতৰি প্ৰকাশ পাইছিল যিটো অত্যান্ত দোষনীয় বুলি মন্তব্য কৰে ৷ গোসাইগাঁও বিপিএফ দলৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ আকস্মিক মৃত্যুক গভীৰ শোক প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ৷
লগতে পঢ়ক :খহনীয়াত ক্ষতিগ্ৰস্তক তিৰ্পাল দি দায়িত্ব সামৰিলে ডিব্ৰুগড় প্ৰশাসনে