বাক্সা , 23 এপ্ৰিলঃৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে বাক্সা জিলাৰ একাংশ ভোটাৰে ৷ জিলাৰ খনৰ 5নং লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰস্থিত ইক্ৰাজুলি প্ৰাথমিক বিদ্যালয়ৰ 42 নম্বৰৰ ভোট কেন্দ্ৰত ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
বাক্সাত কিয় ভোট বৰ্জন কৰিলে একাংশ লোকে - ভোট বৰ্জন
স্বাধীনতাৰ 72 বছৰৰ পাচতে ইক্ৰাজুলি দৈমাবাৰী গাঁওখনে ক্ৰমিক নম্বৰ নোপোৱাৰ ক্ষোভত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ ভোটাৰৰ ৷
বাক্সাত একাংশ ভোটাৰৰ ভোট বৰ্জনৰ সিদ্ধান্ত
উক্ত ভোটকেন্দ্ৰটোত ভোটাৰৰ সংখ্যা 821'তকৈ অধিক আছে কিন্তু স্বাধীনতাৰ 72 বছৰৰ পাচতে ইক্ৰাজুলি দৈমাবাৰী গাওঁখনে ক্ৰমিক নম্বৰ নাপালে বুলি অভিযোগ দিয়ে গাঁৱবাসীয়ে ৷ ইয়াৰোপৰিও তামুলপুৰ খণ্ড উন্নয়ন নে নাগ্ৰীজুলী খণ্ড উন্নয়ন, সেই সন্দৰ্ভত আজিকোপতি গাঁওবাসী জ্ঞাত নহয় বুলি অভিযোগ গাঁওবাসীৰ ৷ সেয়ে ক্ষোভিত ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইপিনে তামুলপুৰ মহকুমাধিপতিয়ে ক্ষুব্ধ ৰাইজক ভোটদান কৰিবলৈ বুজাবলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে ভোট দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷