অসম

assam

ETV Bharat / state

কিয় ভোট বৰ্জনৰ সিদ্ধান্ত ল'লে বাক্সাৰ এখন গাঁৱৰ ৰাইজে? - কোকৰাঝাৰ সমষ্টি

বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ বাক্সাৰ বগৰীখুটিত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোট বর্জনৰ সিদ্ধান্ত লৈছে স্থানীয় ৰাইজে৷ হাতত বেনাৰ পোষ্টাৰ লৈ সমস্যা সমাধানৰ দাবীত ৰাজপথলৈ ওলাই আহিছে অঞ্চলবাসী ৷

বাক্সাত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ ভোট বর্জনৰ সিদ্ধান্ত

By

Published : Apr 18, 2019, 4:47 PM IST

বাক্সা, 18 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে 5 নং কোকৰাঝাৰ সমষ্টিত তুংগত উঠিছে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ ঠিক সেই সময়তে -ভূটান সীমান্তৰ ২ নং বগৰীখুটি গাঁৱৰ ৰাইজৰ ভোট বর্জনৰ সিদ্ধান্তই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাত সম্প্ৰতি ক্ষোভিত হৈ ভোট বৰ্জনৰ সিদ্ধান্তৰে হাতত বেনাৰ আৰু পোষ্টাৰলৈ ৰাজপথলৈ ওলাই আহিছে অঞ্চলটোৰ পুৰুষ-মহিলা ৷

বৃহত্তৰ ২নং বগৰিখুটি অঞ্চলত বৰ্তমানলৈ কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বছৰৰ পিচত বছৰ ধৰি এই অঞ্চলটোৰ ৰাইজে পুখুৰী, নিজৰা আদিৰ পৰা অপৰিষ্কাৰ পানী খাবলৈ বাধ্য হৈ আহিছে । বিগত সময়ত বিশুদ্ধ খোৱা পানীৰ অভাৱত অঞ্চলটোৰ লোক সকলে ডায়েৰীয়া, মেলেৰিয়াৰ লগতে বিভিন্ন জটিল ৰোগত আক্ৰান্ত হ'বলগীয়া হোৱাৰ ফলত বহুতো লোক মৃত্যু মুখত পৰাৰ অভিযোগ আনিছে লোকসকলে। সেয়েহে এইবাৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থীয়ে ৰাইজক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই খোৱা পানীৰ সু-ব্যৱস্থা কৰিব সেইজন প্ৰাৰ্থীকহে ভোটাৰে ভোট প্ৰদান কৰিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে । স্থানীয় পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহি "আমাক পানী লাগে পানী দিয়ক, পানী নিদিলে ভোট নাই" শ্ল'গানেৰে উত্তাল কৰি তোলে অঞ্চলটোৰ ৰাজপথ ৷

বাক্সাত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ ভোট বর্জনৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details