বৰমা, 10 আগষ্ট: বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত শিমলাবাৰী গাঁৱত যোৱা ৬ আগষ্টত দুটা ফৈদৰ মাজত সংঘটিত ঘটনাক লৈ সোমবাৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে 1 নং শিমলাবাৰী গাঁওৰ ৰাইজে ৷ গাঁওখনৰ ৰাইজে এক সংবাদমেলৰ আয়োজন কৰি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
তেওঁলোকে জানিবলৈ দিয়া অনুসৰি, শিমলাবাৰী গাঁৱত সংঘটিত ঘটনাৰ সৈতে কোনো ৰাজনৈতিক দল জড়িত নহয় ৷ এখন চৰণীয়া পথাৰক কেন্দ্ৰ কৰি দুখন সমাজৰ মাজত সংঘটিত হোৱা এটা ঘটনাহে ৷ ইয়াত কোনো ৰাজনৈতিক দল জড়িত নাই ৷
আনহাতে, সংবাদমেলযোগে প্ৰাক্তন পথাৰ পৰিচালনা সমিতিৰ সম্পাদক বিপুল কুমাৰ বড়োৱে কয় যে, ‘‘1983 চনৰ পৰা গাঁওখনৰ মাজত থকা চৰকাৰী মাটিখিনিত কৃষক ৰাইজে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে ৷ গতিকে এইবাৰো ৰাইজে খেতি কৰাৰ বাবে মাটি চহাইছিল ৷ কিন্তু 2 নং শিমলাবাৰী গাঁৱৰ কমল পাঠক নামৰ লোকজনে চৰণীয়া পথাৰখন মুকলিকৈ ৰখাৰ বাবে ৰাজহ চক্ৰ বিষয়ালৈ এখন আবেদন প্ৰেৰণ কৰিছিল ৷ তেতিয়াৰে পৰা চৰকাৰী মাটিখিনি বিবাদমান হয় ৷ কিন্তু তথাপিও 1 নং শিমলাবাৰী আৰু 3 নং শিমলাবাৰী গাঁৱৰ ৰাইজে বৃহস্পতিবাৰে খেতি কৰাৰ বাবে মাটি চহাইছিল ৷ ইয়াৰ পাচতে কমল পাঠকে ৰাজহ চক্ৰ বিষয়াৰ লগতে আৰক্ষী প্ৰশাসনক খবৰ দিয়ে’’ ৷
তেওঁ সদৰি কৰা মতে, ‘‘প্ৰশাসনে দুই পক্ষৰ মাজৰ মীমাংসাৰ বাবে শিমলাবাৰীত উপস্থিত হয় যদিও কিছু অসুবিধাৰ বাবে 1 নং শিমলাবাৰীৰ ৰাইজ উপস্থিত হওঁতে পলম হোৱাত ৰাজহ চক্ৰ বিষয়া উভতি যায় ৷ কিন্তু ইয়াৰ পাচতে কমল পাঠকৰ ঘৰলৈ একাংশ লোকে খেদি আহি তেওঁক মাৰপিট কৰে, যাৰ পৰিণতিস্বৰূপে 4 জন ব্যক্তি আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়’’ ৷