অসম

assam

ETV Bharat / state

বাক্সাৰ হাউলীখুটিত ৰাইজৰ তৎপৰতাত নিৰ্মাণ কোৱাৰান্টাইন কেন্দ্ৰ - তামুলপুৰ মহকুমা প্ৰশাসনেও

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নতুন হাউলী গাঁৱৰ হাউলীখুটিত গাওঁ সভাৰ আলোচনা মৰ্মে গাওঁখনৰ মাজত থকা " লক্ষ্মীপ্ৰসাদ দেৱকোটা উচ্চ প্ৰাথমিক বিদ্যালয় আৰু হাউলীখুটি প্ৰাথমিক বিদ্যালয়ত অস্থায়ী কোৱাৰান্টাইন কেন্দ্ৰ সাজি উলিয়াছে ।

villagers-make-quarantaine-center-at-baksa
বাক্সাৰ হাউলীখুটিত ৰাইজৰ তৎপৰতাত নিৰ্মাণ কোৱাৰান্টাইন কেন্দ্ৰ

By

Published : May 19, 2020, 8:17 PM IST

বাক্সা, 19 মে‘: কৰ‘ণা ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰিছে ৷ ভাৰততো ইতিমধ্যে কৰ‘ণাৰ ভয়াৱহতাৰ ফলত ঘোষণা কৰা লক ডাউনৰ চতুৰ্থ পৰ্যায় চলি আছে । বহিঃৰাজ্যত অসমৰ নিবনুৱা যুৱক যুৱতী সকলে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মসূত্ৰে গৈ আবদ্ধ হৈ আছিল । এই নিবনুৱা যুৱক যুৱতীসকলক স্ব-গৃহলৈ উভতাই অনাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । সেয়ে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নতুন হাউলী গাঁৱৰ হাউলীখুটিত ৰাইজে সাজিলে কোৱাৰান্টাইন কেন্দ্ৰ ।

বাক্সাৰ হাউলীখুটিত ৰাইজৰ তৎপৰতাত নিৰ্মাণ কোৱাৰান্টাইন কেন্দ্ৰ

স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি গাওঁ সভাৰ আলোচনা মৰ্মে গাওঁখনৰ মাজত থকা " লক্ষ্মীপ্ৰসাদ দেৱকোটা উচ্চ প্ৰাথমিক বিদ্যালয় আৰু হাউলীখুটি প্ৰাথমিক বিদ্যালয়ত অস্থায়ী কোৱাৰান্টাইন কেন্দ্ৰ সাজি উলিয়াছে । দুয়োখন বিদ্যালয়তে পুৰুষ আৰু মহিলাক পৃথক পৃথক কৈ ৰখাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু কৰিছে ৰাইজে ।

বাক্সাৰ হাউলীখুটিত ৰাইজৰ তৎপৰতাত নিৰ্মাণ কোৱাৰান্টাইন কেন্দ্ৰ
উল্লেখ্য যে, গাওঁখনৰ পৰা প্ৰায় ৩০ গৰাকী পুৰুষ মহিলাই বহিঃৰাজ্যত কৰ্মসূত্ৰে আছিল আৰু বৰ্তমান গৃহ অভিমুখে যাত্ৰা কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে বহিঃৰাজ্যৰ পৰা আহি কোৱাৰান্টাইন কেন্দ্ৰত থকা সময়চোৱাত পৰিয়ালৰ লোকসকলে নিজৰ নিজৰ আত্মীক খাদ্যৰ যোগান ধৰিব বুলি সদৰি কৰে স্থানীয় লোক সকলে আৰু তামুলপুৰ মহকুমা প্ৰশাসনেও এই কোৱাৰান্টাইন কেন্দ্ৰ সমূহত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে ।লগতে পঢ়ক : ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 154 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details