ৰঙিয়া, 28 ছেপ্টেম্বৰ : মাংসৰ দোকানেৰে পৰিয়াল পোহপাল দিছে এগৰাকী নাৰীয়ে ৷ ৰঙিয়াৰ চ'ছাইটি চকৰ দৈনিক বজাৰত মাংস বিক্ৰী কৰি নিজৰ পাঁচজনীয়া পৰিয়াল পোহপাল দি আছে বীণা দাস নামৰ এগৰাকী মহিলাই ৷
এগৰাকী নাৰীয়ে কৰো বুলি কলে অসাধ্য একো নাই। এই কথাষাৰ সত্যতা প্ৰমান কৰিছে ৰঙিয়াৰ বীণা দাসে ৷ প্ৰায় এবছৰ পূৰ্বে এক দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈছিল বীণাৰ স্বামী । তেতিয়াৰ পৰাই ঘৰখনৰ সমস্ত দায়িত্ব লৈ পাতৰ কাপোৰ বৈছিল বীণাই । কিন্তু সেই উপাৰ্জনেৰে কোনোমতে ঘৰখন চলোৱা বীণাই লকডাউনৰ সময়ত উপায়বিহীন হৈ পৰিছিল ।
মাংসৰ দোকানেৰে পৰিয়াল পোহপাল দিছে ৰঙিয়াৰ বীণা দাসে সাধাৰণতে মহিলাক মাংসৰ দোকান দিয়া দেখা নাযায় যদিও শেষত লাজ ভয় কাটি কৰি বীণাই বজাৰত পূৰ্বে স্বামীয়ে দিয়া মাংসৰ দোকানখন আকৌ আৰম্ভ কৰিলে । প্ৰথমে কিছু অসুবিধা আৰু আশংকাই মনত বাহ লৈছিল যদিও বৰ্তমান বীণা সম্পূৰ্ণ স্বাৱলম্বী হৈ উঠিছে । কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ নকৰি বীণাই নিজ হাতে মাংস কাটি বিক্ৰী কৰে । দোকানখনৰ উপাৰ্জনেৰে পৰিয়ালটো পোহপাল দিয়াৰ লগতে সন্তানৰ পঢ়া আৰু স্বামীৰ চিকিৎসাৰ খৰচ সুচাৰুভাৱে কৰিবলৈ সক্ষম হৈছে বীণা । স্বামীৰ দুৰ্ঘটনাত হঠাতে নামি অহা দুঃসময়ৰ লগত সাহসেৰে মুখামুখি হৈ আনৰ সহায়ৰ বাবে বাট নাচাই সংসাৰৰ বোজা নিজৰ মুৰত তুলি লোৱা বীণা দাস হৈছে সমাজৰ বাবে এক সুন্দৰ নিদৰ্শন ৷
লগতে পঢ়ক :বহিঃৰাজ্যত আটক বঙাইগাঁৱৰ জালনোট ব্যৱসায়ী