বাক্সা,16 নৱেম্বৰ:সোমবাৰে গোৰ্খা সকলে উদযাপন কৰে পৱিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া। দ্বীপাৱলীৰ সময়ত পৰম্পৰাগত ভাবে চলি অহা এই পৱিত্ৰ উৎসৱটো সোমবাৰৰ দিনটোতে ভাতৃ দ্বিতীয়া হিচাপে পালন কৰি আহিছে গোৰ্খাসকলে। পৰম্পৰা অনুসৰি সহোদৰৰ মাজত সাত ৰংৰ ফোট লগাই নাৰ্জী ফুলৰ মালা পিন্ধাই দিয়ে । ইজনে সিজনৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে ইজনে সিজনক সেৱা তথা মৰম যাচে ৷
গোৰ্খা সকলে উদযাপন কৰে পৱিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া - সাত ৰংৰ ফোট লগাই নাৰ্জী ফুলৰ মালা পিন্ধাই দিয়ে
গোৰ্খা সকলৰ পৱিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া উদযাপন কৰে সোমবাৰে ৷ পৰম্পৰাগত ভাবে চলি অহা এই পৱিত্ৰ উৎসৱটো দ্বীপাৱলীৰ সময়ত পালন কৰি আহিছে গোৰ্খাসকলে ৷ এই উৎসৱত ভাতৃ-ভগ্নীৰ মাজত মৰম চেনেহৰ এনাজৰী ডাল সদায় অটুট থকাৰ বাবে ভগবানৰ ওচৰত সেৱা জনায় ৷
গোৰ্খা সকলে উদযাপন কৰে পৱিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া
ভাতৃ-ভগ্নীৰ মাজত মৰম চেনেহ আৰু বিশ্বাসৰ এনাজৰী ডাল সদায় অটুট থকাৰ বাবে ভগবানৰ ওচৰত সেৱা জনায় ৷ তাৰোপৰি মিঠা বস্তুৰে মুখ মিঠা কৰায় আৰু বিভিন্ন উপহাৰ দিয়ে। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এক সুকীয়া স্থান আছে ৷ সেই স্থান অটুট ৰখাৰ বাবে গোৰ্খা সকলে পৱিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া পালন কৰি আহিছে ৷
লগতে পঢ়ক:কেদাৰনাথ ধামৰ তুষাৰপাত দৰ্শন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ