অসম

assam

ETV Bharat / state

বিটিচি নিৰ্বাচনত UPPL দলে এখনো আসন লাভ নকৰেঃ হাগ্ৰামা মহিলাৰী

হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি দলে এখনো আসন লাভ নকৰাৰ লগতে ইউ পি পি এল দলেও এখনো আসন লাভ নকৰে বুলি কৈ বি পি এফ দলে 40খন আসন লাভ কৰিব বুলি মন্তব্য কৰে ৷ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো কোনোপধ্যেই নিৰ্বাচনত জিকিব নোৱাৰে বুলি কয় মহিলাৰীয়ে ৷

By

Published : Aug 27, 2020, 9:18 PM IST

UPPL will not get a seat in BTC election
বিটিচি নিৰ্বাচনত UPPL দলে এখনো আসন লাভ নকৰেঃহাগ্ৰামা মহিলাৰী

বাক্সা,27আগষ্টঃ বৃহস্পতিবাৰে বাক্সাৰ তামুলপুৰ গৈয়বাৰী পৰিষদীয় সমষ্টিত বিপিএফ দলৰ যোগদান সভা অনুষ্ঠিত হয় ৷ যোগদান সভাত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বি পি এফ দলৰ বহুকেইজন নেতা উপস্থিত থাকে ৷ ইপিনে যোগদান সভাত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত মন্তব্য কৰি কয়, 'বি টি আৰ' চুক্তিত কেৱল বড়োসকলৰ নিৰাপত্তা আৰু অধিকাৰৰ কথাহে উল্লেখ আছে ৷ এই চুক্তিত আন আন জাতি-জনগোষ্ঠীৰ নিৰাপত্তা আৰু অধিকাৰৰ কথা উল্লেখ নাই ৷ কিন্তু বি টি চি চুক্তিত সকলো জাতি-জনগোষ্ঠীৰ কথা উল্লেখ আছে ৷

বিটিচি নিৰ্বাচনত UPPL দলে এখনো আসন লাভ নকৰেঃহাগ্ৰামা মহিলাৰী

তদুপৰি হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি দলে এখনো আসন লাভ নকৰাৰ লগতে ইউ পি পি এল দলেও এখনো আসন লাভ নকৰে বুলি কৈ বি পি এফ দলে 40খন আসন লাভ কৰিব বুলি মন্তব্য কৰে ৷ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো কোনোপধ্যেই নিৰ্বাচনত জিকিব নোৱাৰে বুলি কয় মহিলাৰীয়ে ৷

বিটিচি নিৰ্বাচনত UPPL দলে এখনো আসন লাভ নকৰেঃহাগ্ৰামা মহিলাৰী

আনহাতে, সংবাদমাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এল আৰু বিজেপিৰ মাজত গোপন বুজাবুজি থকাৰ কথাও উল্লেখ কৰে ৷ ইপিনে, বি টি আৰ চুক্তি কাৰ্যকৰী নহয় বুলি কৈ হাগ্ৰামা মহিলাৰীয়ে শাসনলৈ পুনৰ আহিলে কোনো দিনে চুক্তিৰ কাম নকৰোঁ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়কঃপাকিস্তানৰ মিছা দাবীক খণ্ডন ভাৰতৰ, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ পত্ৰ

ABOUT THE AUTHOR

...view details