বৰমা,৯ নবেম্বৰঃভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ বড়োভূমিত ৰাজনৈতিক দলসমূহে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ ৷ কোনোৱে যদি চাইকেল ৰেলী উলিয়াইছে তেনেহলে আন কোনোৱে আকৌ গ্ৰহণ কৰিছে স্বচ্ছতাৰ কাৰ্যসূচী ৷ সোমবাৰে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই শতাধিক সমৰ্থকক লগত লৈ বৰমাত স্বচ্ছ অভিযান কাৰ্যসূচী হাতত লয় ৷
হাতে হাতে ঝাডু, কোৰ লৈ বৰমাৰ পদুলি সমুহ চাফা কৰা দেখা পোৱা গ'ল ইউপিপিএলৰ কৰ্মীসকলক ৷ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই মন্তব্য কৰে যে, ইউপিপিএল দলে ইতিমধ্যে এনেধৰণৰ কাৰ্যসূচী প্ৰত্যেক গাঁৱতে লৈছে ৷ এইবাৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰি ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিত এইবাৰ বিপিএফ দল একেবাৰে শূণ্য বুলিও কয় প্ৰাৰ্থীগৰাকীয়ে ৷