অসম

assam

ETV Bharat / state

ইউ পি পি এলৰ পৰিৱৰ্তন পদযাত্ৰা সমাপ্ত

আগন্তুক বিটিচি নিৰ্বাচনত তদানীন্তন বিপিএফ চৰকাৰৰ সোতৰ বছৰৰীয়া শাসনৰ ওৰ পেলাই পৰিবৰ্তনৰে শ্ল'গানেৰে সমগ্ৰ বিটিআৰতে যোৱা ২০ অক্টোবৰৰ পৰা ইউ পি পি এল দলে "পৰিৱৰ্তন পদযাত্ৰা" শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । বৃহস্পতিবাৰে এই কাৰ্যসূচীৰ অন্ত পৰে ৷

By

Published : Nov 6, 2020, 11:23 AM IST

UPPL road show at Nagrijuli
UPPL road show at Nagrijuli

বাক্সা, 6 নবেম্বৰ : বি টি আৰৰ বিভিন্ন অঞ্চলৰ লগতে বৃহস্পতিবাৰে তামুলপুৰতো ইউ পি পি এলৰ পৰিৱৰ্তন পদযাত্ৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷ পৰিবৰ্তন পদযাত্ৰাৰ অন্তিম দিনা পুৱাই তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ অধীনষ্ঠ কালিপুৰৰ পৰা ইউপিপিএল দলৰ নেতা কৰ্মী সকলে এক বিশাল পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইউ পিপিএল দলৰ অন্যতম কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুজিব আলি আহমেদে শুভাৰম্ভ কৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী সুশীল দাসে কয় যে বিটিচিত বিপিএফ দলৰ ১৭ বছৰীয়া শাসন কালত হোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ পৰা ৰাইজক মুক্ত কৰাৰ লগতে সজাগ কৰাৰ প্ৰয়াসৰে ইউ পি পি এল দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে এই "পৰিৱৰ্তন পদযাত্ৰা " কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

ইউ পি পি এলৰ পৰিৱৰ্তন পদযাত্ৰা সমাপ্ত

এই পদযাত্ৰাৰ জড়িয়তে গাঁৱৰ ৰাইজৰ দুখ দুৰ্দশা, সমস্যা সমূহৰ বুজ লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিপিএফে শাসনত থাকিও ৰাইজক আগবঢ়াই লৈ যাবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত গাঁৱৰ ৰাস্তা ঘাট, ৰাইজৰ অৰ্থনৈতিক অৱস্থা, শৈক্ষিক পৰিৱেশ ভাল নহ’ল ৷ বৰঞ্চ সামাজিক পৰিৱেশ বিনষ্ট হ’ল। এই গোটেই কথাবোৰ আগত ৰাখি পদযাত্ৰাৰ কাৰ্যসূচী লোৱা হৈছে ৷ যাৰ মুখ্য উদ্দেশ্য হৈছে "পৰিৱৰ্তন পদযাত্ৰা "। বিটিআৰৰ অন্য প্ৰান্তৰ লগতে নাগ্ৰিজুলীবাসী ৰাইজেও পৰিবৰ্তন বিচাৰিছে ৷ ইউপিপিএলৰ নীতি আৰু আদৰ্শৰ লগতে সভাপতি প্ৰমোদ বড়োৰ সবল নেতৃত্বক নাগ্ৰিজুলীৰ সকলো শ্ৰেণীৰ ৰাইজে বিপুল সমৰ্থন আগবঢ়াইছে ৷

ইউপিপিএল দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য মীৰজান আলীৰ নেতৃত্বত উলিওৱা পৰিবৰ্তন পদযাত্ৰা কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কেশৱ মল্লিক, সুজিত বৈশ্য, নাগ্ৰিজুলী ব্লক ইউপিপিএলৰ সভাপতি-সম্পাদককে ধৰি পাঁচ শতাধিক ইউপিপিএল দলৰ কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে, ইউ পি পি এল দলৰ পৰিৱৰ্তন পদযাত্ৰাৰ অন্তিম দিনা তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দৰংগাজুলী ব্লক ইউপিপিএল আৰু গয়বাৰী ব্লক ইউপিপিএলৰ উদ্যোগতো পৰিবৰ্তন পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

লগতে পঢ়ক :মৰাণত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা সম্পন্ন

ABOUT THE AUTHOR

...view details