বাক্সা, 26 ফেব্ৰুৱাৰীঃ সমাগত বিটিআৰ নিৰ্বাচন ৷ নতুন বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পিচত বড়োভূমিত এয়া প্ৰথমটো নিৰ্বাচন ৷ বাক্সাত ইউপিপিএলৰ নিৰ্বাচনী ৰণডংকা ৷ প্ৰায় দুই শতাধিক লোকৰ যোগদান ইউপিপিএলত ৷ বাক্সাৰ মুছলপুৰ ব্লক সমিতিৰ উদ্যোগত ভালুকাদঙাত বুধবাৰে ইউপিপিএলে অনুষ্ঠিত কৰে এখন নিৰ্বাচনী সভা ৷ মুছলপুৰ জিলা ইউপিপিএল দলৰ সম্পাদক দয়াল শৰণীয়াৰ উপস্থিতিত বিভিন্ন দল সংগঠনৰ প্ৰায় দুই শতাধিক লোকে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
বিটিআৰ নিৰ্বাচনঃ নিৰ্বাচনী ৰণডংকা ইউপিপিএলৰ - বাক্সাৰ মুছলপুৰ ব্লক সমিতি
বাক্সাত ইউপিপিএলৰ নিৰ্বাচনী ৰণডংকা ৷ প্ৰায় দুই শতাধিক লোকৰ যোগদান ইউপিপিএলত ৷ বাক্সাৰ মুছলপুৰ ব্লক সমিতিৰ উদ্যোগত ভালুকাদঙাত বুধবাৰে ইউপিপিএলে অনুষ্ঠিত কৰে এখন নিৰ্বাচনী সভা ৷
বিটিআৰ নিৰ্বাচনঃ নিৰ্বাচনী ৰণডংকা ইউপিপিএলৰ
এই সভাত মুছলপুৰ জিলা সমিতিৰ সম্পাদক দয়াল শৰণীয়াই এইবাৰ বিটিচিৰ ৰাইজে পৰিৱৰ্তন বিচৰা বুলি উল্লেখ কৰি কয় যে বিটিচিৰ পৰা এইবাৰ হাগ্ৰামা বাহিনী উৎখাত হ'ব আৰু ইউপিপিএলেই ক্ষমতাত আহিব ৷ লগতে ইউপিপিএল দলে বিটিচিৰ শাসনভাৰ গ্ৰহণ কৰি শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব বুলি উল্লেখ কৰে ৷