অসম

assam

ETV Bharat / state

পৰিষদীয় নিৰ্বাচন স্বচ্ছ আৰু নিকা হ'ব লাগে: প্ৰমোদ বড়ো

বিটিআৰত উন্নয়ন হ'ব লাগে তাত থাকিব নালাগে কোনো ধৰণৰ ধনবল বা বাহুবল ৷ গণতন্ত্ৰৰ প্ৰতি যাতে কোনোৱে ভাবুকি প্ৰদান কৰিব নোৱাৰে ৷ এনেবোৰ বিষয়ত প্ৰতি প্ৰশাসনে নজৰ দিব লাগে ৷ বাক্সাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমযোগে এই মন্তব্য কৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

প্ৰমোদ বড়ো
প্ৰমোদ বড়ো

By

Published : Sep 30, 2020, 5:02 PM IST

বাক্সা, 30 ছেপ্তেম্বৰ:"স্বচ্ছ আৰু নিকা হ'ব লাগে বিটিচি নিৰ্বাচন ৷ বিটিআৰত উন্নয়ন হ'ব লাগে তাত থাকিব নালাগে কোনো ধৰণৰ ধনবল বা বাহুবল ৷ গণতন্ত্ৰৰ প্ৰতি যাতে কোনোৱে ভাবুকি প্ৰদান কৰিব নোৱাৰে ৷ নিৰ্বাচনত যাতে এনে নহয় তাৰ প্ৰতি প্ৰসাশনে নজৰ দিব লাগে ৷" বুধবাৰে বাক্সাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ আনহাতে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ইউ পি পি এলৰ সভাপতি গৰাকীয়ে ৷ তেওঁ কয় যে,ভাৰত তথা অসম চৰকাৰে কৰা এই কামত তেওঁ নিজেও এগৰাকী স্বাক্ষৰকাৰী হিচাপে আছে ৷ তেখেতে এতিয়াহে কিয় অসাংবিধানিক বুলি ক'লে ? তেওঁ কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবেহে এনেদৰে যিকোনো কথা কৈছে বুলি কয় প্ৰমোদ বড়োৱে ৷

পৰিষদীয় নিৰ্বাচন স্বচ্ছ আৰু নিকা হ'ব লাগে: প্ৰমোদ বড়ো

ইয়াৰোপৰি ইউ পি পি এলৰ সভাপতি গৰাকীয়ে গৰাকীয়ে কয় যে,তেখেতে সদায় ৰাইজৰ সৈতে খেলি আহিছে ৷ আজি যিবোৰ দুৰ্নীতি,অপশাসন হৈছে সেইবোৰ ঢাকিবৰ বাবে তেখেতে যিকোনো ইছ্যু লৈ আহে ৷ আনহাতে তেওঁ কয়,ৰাজ্যপালৰ শাসন সদায় থকাটো তেওঁলোকেও নিবিচাৰে ৷ কৰ'ণা মহামাৰীৰ জটিল পৰিস্থিতি কিছু শাম কাটিলে নিশ্চয় নিৰ্বাচন হ'ব ৷ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিব লাগে সেইয়া নিৰ্বাচন আয়োগ আদিৰ দৰে কৰ্তৃপক্ষই ঠিক কৰিব ৷ কিয়নো এতিয়াৰ পৰিৱেশ স্বাভাৱিক নহয় অস্বাভাৱিক ৷

লগতে পঢ়ক:এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম

ABOUT THE AUTHOR

...view details