অসম

assam

বিটিএডিত ইউপিপিএল আৰু বিপিএফৰ মাজত ৰাজনৈতিক বাকযুদ্ধ

By

Published : Aug 5, 2020, 5:16 PM IST

বিটিচি নিৰ্বাচনক লৈ বিটিএডিত প্ৰতিটো ৰাজনৈতিক দলে ৰনডংকা বজোৱা পৰিলক্ষিত হৈছে ৷ 24 নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দল আৰু বিপিএফ দলৰ মাজত বোকা ছতিওৱা ৰাজনীতি আৰম্ভ হৈছে ৷

UPPL PARTY RECATION ON BTC ELECATION
বিটিএডিত ইউপিপিএল আৰু বিপিএফৰ মাজত ৰাজনৈতিক বাকযুদ্ধ

বৰমা, 4 আগষ্ট :ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বিটিএডিত বিটিচি পৰিষদৰ নিৰ্বাচন পুনৰ তুংগত উঠিছে ৷ বিটিচি পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী ৰনডংকা বজোৱা পৰিলক্ষিত হৈছে ৷ বিটিএডিৰ 24 নং মুছলপুৰ পৰিষদীয় সমষ্টিতো বিপিএফ আৰু ইউপিপিএল দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷

24 নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই বিপিএফলৈ অভিযোগ উখাপন কৰি কয় যে, 17 বছৰে বিপিএফ দলে ৰাইজৰ পৰা দূৰত থাকি কেৱল বিটিএডিত লুন্ঠন, দুৰ্নীতি কৰিলে ৷ যাতায়তৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, কৃষিখণ্ড সকলোতে কেৱল দুৰ্নীতি সংঘটিত কৰাৰ দাবী উখাপন কৰিছে ৷ যাৰবাবে ৰাইজে বৰ্তমান পৰিৱৰ্তন বিচাৰি ৰাকেশ ব্ৰহ্মক 60 হাজাৰ ভোটৰ ব্যবধানত জয়ী কৰাব বুলি দাবী উখাপন কৰিছে ৷

বিটিএডিত ইউপিপিএল আৰু বিপিএফৰ মাজত ৰাজনৈতিক বাকযুদ্ধ

আনহাতে, ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ যুক্তিক কটাক্ষ কৰি বিপিএফ দলৰ প্ৰাৰ্থী অনসুমৈ শুংগুৰ বড়োৱে কয় যে, বিপিএফ দলে বিটিএডিত বহুতো উন্নয়ন কৰিলে ৷ শিক্ষা খণ্ডত মুছলপুৰ সমষ্টিত চৰকাৰী মহাবিদ্যালয়, পলিটেকনিক, ডায়েট, বিএড কলেজ স্থাপন কৰা বুলি দাবী উখাপন কৰে ৷ যাতায়ত ব্যৱস্থাৰ লগতে বিটিএডি গঠন হোৱাৰ পিচত মুছলপুৰত কোষাগাৰ, আদালত, কাৰাগাৰৰ লগতে বহুতো কাম কৰা বুলি উল্লেখ কৰে ৷

বিটিএডিত ইউপিপিএল আৰু বিপিএফৰ মাজত ৰাজনৈতিক বাকযুদ্ধ

লগতে, ইউপিপিএল দলৰ প্ৰাৰ্থী গৰাকীয়ে 60 হাজাৰ ভোট লাভ কৰিব বুলি কোৱাৰ বিপৰীতে অনসুমৈ শুংগুৰ বড়োৱে যুক্তি আগবঢ়াই কয় যে, সমষ্টিটোত 75 হাজাৰ ভোট আছে তাৰ ভিতৰত 60 হাজাৰ ভোট লাভ কৰাটো হাস্যকৰ ৷

লগতে পঢ়ক : পৰিৱেশ প্ৰভাৱ সম্পৰ্কীয় খচৰাই উত্তাল কৰিছে উত্তৰ-পূৰ্বাঞ্চল

ABOUT THE AUTHOR

...view details