বৰমা, 30 নৱেম্বৰ :বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিচিত আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী ৰণডংকা ৷ প্ৰতিটো দলে নিজৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰিবলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷
সোমবাৰে বাক্সাৰ শালবাৰীৰ হুদুখাটাত 21 নং শালবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীৰ হৈ ইউপিপিএল দলৰ এখন বিশাল মহিলা সমাৰোহ অনুষ্ঠিত হয় । উক্ত সমাৰোহত ইউপিপিএল দলৰ মহিলা মৰ্চাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদিকা কিৰণ বসুমতাৰী উপস্থিত থাকি কয় যে, 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনত ইউপিপিএল দলক সাহসেৰে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ লগতে, বিটিচিত ইউপিপিএল দলৰ চৰকাৰ হ'ব বুলিও দাবী কৰে কিৰণ বসুমতাৰীয়ে ৷