অসম

assam

ETV Bharat / state

দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে UPPL দলৰ শতাধিক ৰাইজৰ পদ যাত্ৰা - দৰঙাজুলি

আজিৰে পৰা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ সদস্য সকলে পুণৰ আৰম্ভ কৰিছে পদযাত্ৰা কাৰ্যসূচী । এই পদযাত্ৰাত UPPLৰ শতাধিক মহিলাকে আদি কৰি বহু সদস্যই অংশ গ্ৰহণ কৰে ৷

UPPL members road rally At Baksha
দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে UPPLৰ শতাধিক ৰাইজৰ পদযাত্ৰা

By

Published : Oct 27, 2020, 1:40 PM IST

বাক্সা,27 অক্টোবৰঃ বিটিচিত আগন্তুক পৰিষদীয় নিৰ্বাচনলৈ আৰু বেছি দিন নাই ৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিৰ দলেই নিৰ্বাচনৰ বাবে ৰণকৌশল তৈয়াৰ কৰি বিভিন্ন সভা-সমিতি পাতিছে ৷ সমান্তৰালকৈ UPPL দলটোৱেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷

ইফালে UPPLদলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চলিত বৰ্ষৰ ২০ অক্টোবৰৰ পৰা বাক্সা জিলাৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিত UPPL দলৰ সদস্য সকলে পদযাত্ৰা আৰম্ভ কৰিছিল । আনহাতে, দূর্গা পূজাৰ বাবে যোৱা তিনি দিন দলটোৱে স্থগিত ৰাখে পদযাত্ৰা ।

পুনৰ মঙলবাৰে পুৱা ১০ বজাৰ পৰা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিত UPPL ৰ শতাধিক সদস্যই ফুহুৰাবাৰীৰ পৰা আৰম্ভ কৰিছে পদযাত্ৰা । এই পদযাত্ৰা নতুন হাউলী ,জামুগুৰী,ভেৰাখাট ,গাৰুঘটু হৈ বিয়লি আমবাৰী সৰুভেৰাত অন্ত পৰিব বুলি জনাইছে দলটোৰ নেতা সকলে । সমগ্ৰ বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিতেই ইউ পি পি এল দলৰ সদস্য সকলে গাঁৱে গাঁৱে পদযাত্ৰা অব্যাহত ৰাখিছে ।

দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে UPPLৰ শতাধিক ৰাইজৰ পদযাত্ৰা

উল্লেখ্য যে, দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ফুনিন্দ্ৰ নাৰ্জাৰীয়ে দিয়া ভাষ্য অনুসৰি বিটিচিত বিপিএফ দলৰ ১৭ বছৰীয়া শাসন কালত এম জি এন ৰেগাত ৬৫০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে আৰু এই দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা ৰাইজক সজাগ আৰু মুক্ত কৰাৰ উদ্দেশ্যে ইউ পি পি এল দলে এই পদযাত্ৰা বাহিৰ কৰিছে বুলি মন্তব্য কৰে ।

আজিৰ পদযাত্ৰা কাৰ্যসূচীত ইউ পিপিএল দলৰ কেন্দ্ৰীয় উপ সভাপতি হজৰত আলী, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুজিৱ আলী আহমেদৰ লগতে দৰঙাজুলি ব্লক ইউ পি পি এলৰ সভাপতি কম্লেশ্বৰ বসুমতাৰী, সম্পাদক প্ৰবীন বড়োৰ উপৰিও দলীয় নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক- মিঞা সংগ্ৰহালয় প্ৰসংগত মুখ খুলিছে দেৱব্ৰত শইকীয়াই

ABOUT THE AUTHOR

...view details