অসম

assam

ETV Bharat / state

বাক্সাত ইউ পি পি এলৰ নিৰ্বাচনী সভাত যোগদান শতাধিক লোকৰ - 8th April result day BTC Election 2020

বাক্সাৰ তামুলপুৰত বুধবাৰে অনুষ্ঠিত হয় ইউপিপিএল দলৰ যোগদান সভা ৷ নিৰ্বাচনী আয়োগে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিটিচি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে ৷ সেইসূত্ৰে আগন্তুক ৪এপ্ৰিলত বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৮এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হ’ব ৷

BTC Election 2020
BTC Election 2020

By

Published : Mar 11, 2020, 6:00 PM IST

বাক্সা,11 মাৰ্চঃবিটিচিত নিৰ্বাচনী যুঁজ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে ৷ বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজৰ উৎকণ্ঠাৰ অৱসান ঘটাই বুধবাৰে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰে বিটিচি নিৰ্বাচনৰ ৷ সেইসূত্ৰে ৪এপ্ৰিলত বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে ৮এপ্ৰিলত ভোটগণনা কৰা হ’ব ৷ নিৰ্বাচনৰ লগত সংগতি ৰাখি প্ৰতিটো দল-সংগঠনে প্ৰচাৰত ব্যস্ত হৈছে ৷ বাক্সাৰ তামুলপুৰত বুধবাৰে অনুষ্ঠিত এখন সভাত ইউ পি পি এল-ৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত থাকি ভুৱা চাকৰিৰ নামত বিটিচি চৰকাৰে উপঢৌকন লৈ থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ এইক্ষেত্ৰত নিৰ্বাচন আয়োগে তদন্ত কৰা উচিত বুলি বড়োৱে মন্তব্য কৰে যাতে ভুৱা চাকৰিবোৰৰ ক্ষেত্ৰত কোনেও নিযুক্তি প্ৰদান কৰিব নোৱাৰে ৷ ইতিমধ্যে ইউ পি পি এল দলে নিৰ্বাচনী প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ যিকোনো মুহুৰ্ততে নিৰ্বাচন খেলিবলৈ সাজু আছে দলটো। লগতে প্ৰতিটো সমষ্টিত প্ৰাৰ্থী প্ৰায় সম্পূৰ্ণ হৈছে বুলি সদৰি কৰে প্ৰমোদ বড়োৱে ৷ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে,নিৰ্বাচন সমাগত হোৱাৰ লগে লগে পৰিৱৰ্তন বিচাৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ইউ পি পি এলত যোগদান কৰিছে ৷ প্ৰায় ৩২ লাখ মানুহৰ আশা-আকাংক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব লাগিব বুলি ৰাজনৈতিক দলটোৰ নেতাগৰাকীয়ে উল্লেখ কৰে ৷

ৰণডংকা নিৰ্বাচনৰ

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কিছুদিন পূৰ্বে ইউ পি পি এল দলক কটাক্ষ কৰি মন্তব্য আগবঢ়াইছিল ৷ উক্ত মন্তব্যৰ উত্তৰ হিচাপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি প্ৰমোদ বড়োৱে "এজন মুৰব্বী হৈ তেখেতৰ নিজৰ পৰিষদৰ ভিতৰত কি হৈছে কি হোৱা নাই কোন আছে কোন নাই এইখিনি যদি নাজানে তেতিয়া হ’লে তেখেতৰ চীফ হোৱাৰ যোগ্যতা নাই" বুলি কয় ৷

ইউ পি পি এলৰ নিৰ্বাচনী সভা

আনহাতে,ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োক বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী চাওৰাইগ্ৰা আৰু ধীৰেন বড়োৰ দলটোত যোগদান সম্পৰ্কত অগ্ৰজ নেতাসকলে দলটোক নেতৃত্ব দি অহা বুলি ব্যক্ত কৰে ৷

লগতে চাওকঃতামুলপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰমোদ বড়োৱে

ABOUT THE AUTHOR

...view details