বাক্সা, 26 ছেপ্তেম্বৰ: শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই BTR চুক্তি ঘোষণা কৰাৰ পাচৰে পৰা BTCৰ ভিন্ন প্ৰান্তত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷
অৱশ্যে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাক সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে তেওঁ চৰকাৰক অচিৰেই BTC নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ৷
BTR চুক্তিক আদৰণি UPPLৰ নেতা মুজিৱ আলী আহমেদৰ ইফালে শনিবাৰে UPPL দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুজিৱ আলী আহমেদে BTR চুক্তিক আদৰণি জনাই কয় যে, ‘‘BTR চুক্তি স্বাক্ষৰকাৰী সকলৰ অধিকাংশ অস্ত্ৰধাৰী লোক আছিল আৰু অৱশেষত এই চুক্তিৰ জৰিয়তে তেওঁলোকে সকলো অস্ত্ৰ সম্বৰণ কৰিলে ৷ সেয়ে পুনৰ শান্তি ঘূৰি আহিছে ৷’’
লগতে পঢ়ক:সামান্য পৰিমাণে সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ