অসম

assam

By

Published : Nov 9, 2020, 9:04 PM IST

ETV Bharat / state

ভূটান সীমান্তৰ গনেশগুৰীত ইউপিপিএল দলৰ নিৰ্বাচনী সভা

আজিৰ সভাতেই দৰংগাজূলী ব্লক বিপিএফৰ সক্ৰিয় কৰ্মী বিৰফাং বসুমতাৰীৰ নেতৃত্বত ২৬ গৰাকী বিপিএফ কৰ্মীৰ লগতে ১০০ গৰাকী লোকে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান  কৰে ৷

uppl-joining-program
ভূটান সীমান্তৰ গনেশগুৰীত ইউপিপিএল দলৰ নিৰ্বাচনী সভা

বাক্সা, 9 নৱেম্বৰ : তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দৰঙাজুলী ব্লক ইউপিপিএলৰ উদ্যোগত সোমবাৰে ভূটান সীমান্তৰ গনেশগুৰীত এক নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ দৰংগাজুলী ব্লকৰ ইউপিপিএলৰ সভাপতি কমলেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ইউপিপিএল দলৰ অন্যতম সম্পাদক উইলচন হাচদাই কয়, " বিটিআৰ চৌদিশে এতিয়া পৰিবৰ্তনৰ বতাহ বলিছে ৷ এই পৰিবৰ্তন ইউপিপিএল দলৰ সপক্ষে বলিছে ৷ বিগত ১৭ বছৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বিটিচিৰ উন্নয়নৰ নামত অহা কোটি কোটি টকা লুটিলে ৷ বিটিচিৰ মুৰৰ্ব্বী হৈ হাগ্ৰামাই বিটিচি বাসীৰ উন্নয়নৰ বাবে একোৱেই নকৰিলে ৷ উন্নয়নৰ নামত হাগ্ৰামা বাহিনী অবাধ দূৰ্নীতিত লিপ্ত হল ৷ "

ভূটান সীমান্তৰ গনেশগুৰীত ইউপিপিএল দলৰ নিৰ্বাচনী সভা

সভাত ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰীয়ে কয়, " বিটিআৰত এতিয়া বিপিএফ ডুবন্ত নাও ৷ ১৭ বছৰীয়া অপ শাসনৰ ফল বিপিএফ দলে ভূগিব লাগিব ৷ "
আজিৰ সভাতেই দৰংগাজূলী ব্লক বিপিএফৰ সক্ৰিয় কৰ্মী বিৰফাং বসুমতাৰীৰ নেতৃত্বত ২৬ গৰাকী বিপিএফ কৰ্মীৰ লগতে ১০০ গৰাকী লোকে ইউপিপিএল দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷ দৰংগাজূলী ব্লক ইউপিপি এলৰ সাধাৰন সম্পাদক প্ৰবিন বড়োই আঁত ধৰা আজিৰ নিৰ্বাচনী সভাত ইউপিপিএল দলৰ সম্পাদক ৰাফেল দৈমাৰী, উপ- সভাপতি হজৰত আলি, চিডব্লিউচিৰ সদস্য মনোজ গয়াৰী,শৈলেন বসুমতাৰী, চবেন নাৰ্জাৰী, দৰংগাজূলী ব্লক ইউপিপিএল দলৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি ম: মইনুল আলি সহ পাঁচ শতাধিক ইউপিপিএল দলৰ কৰ্মী- সমৰ্থক উপস্থিত থাকে ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ হুংকাৰ ক’ভিড যোদ্ধাৰ

ABOUT THE AUTHOR

...view details