অসম

assam

ETV Bharat / state

ইউপিপিএলত যোগদান বড়ো বোলছবি জগতৰ জনপ্ৰিয় কমেডী অভিনেতা ফৌইলাৰ - জোংচাৰ ব্ৰহ্ম

সোমবাৰে বড়ো বোলছবি জগতৰ জনপ্ৰিয় কমেডী অভিনেতা ফৌইলা খ্যাত জোংচাৰ ব্ৰহ্মই তামুলপুৰস্থিত ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ইউপিপিএল দলত যোগদান কৰে ৷

কমেডী অভিনেতা ফৌইলাৰ
কমেডী অভিনেতা ফৌইলাৰ

By

Published : Mar 23, 2020, 4:41 PM IST

তামোলপুৰ, 23 মাৰ্চঃ ৪ এপ্ৰিলত বিটিচি পৰিষদীয় নিৰ্বাচনৰ অন্তিম দিন নিৰ্ধাৰণ কৰিছিল ৰাজ্যিক নিৰ্বাচন আযোগে ৷ কিন্তু নিৰ্বাচনৰ সময়ছোৱাত জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাতে কৰ'ণা ভাইৰাছে লোকৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নিৰ্বাচন আযোগে অনিৰ্দিষ্ট কাললৈ নিৰ্বাচন স্থগিত ৰাখে ৷

ইউপিপিএলত যোগদান বড়ো বোলছবি জগতৰ জনপ্ৰিয় কমেডী অভিনেতা ফৌইলাৰ

সোমবাৰে দিনৰ ১১ বজাত তামুলপুৰস্থিত ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত বড়ো বোলছবি জগতৰ জনপ্ৰিয় কমেডী অভিনেতা ফৌইলা খ্যাত জোংচাৰ ব্ৰহ্মই ইউপিপিএল দলত যোগদান কৰে ৷ উল্লেখ্য যে, অভিনেতা গৰাকীয়ে 22 নং কোকলাবাৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰিছিল ৷ কিন্তু আজি তেওঁ মনোনয়ন পত্ৰ উঠাই লয় ৷

লগতে পঢ়কঃস্থগিত বিটিচি নিৰ্বাচন : নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details