অসম

assam

ETV Bharat / state

বিটিআৰত কিমান কোটি টকাৰ ধাৰ লগাই থৈ গৈছিল বিপিএফে? - encounter

মানাহৰ পৰিদৰ্শন বঙলাত বাক্সা জিলা ইউপিপিএলৰ (UPPL) গুৰুত্বপূৰ্ণ সভা ৷ সভাত উপস্তিত হৈ বিটিআৰ (BTR)ৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ বিটিআৰৰ পূৰ্বৰ চৰকাৰৰ কেলেংকাৰীৰ ওপৰত তদন্ত আৰু বিটিআৰ চুক্তিৰ কাৰ্যকৰীকৰণৰ কাম ধুম-ধামেৰে চলিছে বুলি মন্তব্য কৰে ৷

uppl-em-criticizes-bpf-for-a-huge-debt-they-have-left-for-btr
BTR ত কিমান কোটি টকাৰ ধাৰ লগাই থৈ গৈছিল বিপিএফে?

By

Published : Jul 16, 2021, 9:01 AM IST

বাক্সা, 16 জুলাই : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাঁহবাৰীস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যান(Manah national park)ৰ পৰিদৰ্শন বঙলাত বৃহস্পতিবাৰে বিয়লি শালবাৰী জিলা ইউপিপিএল(UPPL)ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য(EM BTR) ৰাকেশ ব্ৰহ্মই অংশগ্রহণ কৰে ৷ তেওঁ কয় যে, বিগত সময়ছোৱাত বিটিআৰ আৰু বিধানসভা দুটাকৈ নিৰ্বাচন সম্পন্ন কৰাৰ পাছত শালবাৰী মহকুমা(Salanibari sub division) উন্নয়ন সম্পৰ্কে আলোচনাৰ্থে দলৰ CWD পৰ্যায়ত গঠিত 'টিম ২০(team 20)'ৰ সভাখন আয়োজন কৰা হৈছে ।

BTR ত কিমান কোটি টকাৰ ধাৰ লগাই থৈ গৈছিল বিপিএফে?

সম্প্ৰতি, বিটিআৰৰ (BTR) নতুন চৰকাৰখনে যোৱা চৰকাৰৰ আমোলা বিষয়াসকলক নিয়ন্ত্রণৰ আওতাৰ বাহিৰত থৈ যোৱাৰ লগতে দুই হাজাৰ ছয়শ কোটি টকা ধাৰ লগাই থৈ যোৱাৰ ওপৰত কাম চলোৱাৰ উপৰিও বিটিআৰ চুক্তিৰ কাৰ্যকৰীৰ কাম ধুম-ধামেৰে চলাই আছে । বিপিএফ (BPF) দলৰ সৈতে জড়িত থকা প্ৰাক্তন এনডিএফবি(NDFB) সদস্যসকলে বিপিএফ দলৰ লাভালাভ হৈ কাম কৰি আছে বুলিও উল্লেখ কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷

তেওঁ পুনৰ কয়, "বিপিএফ দলৰ লগত জড়িত এনডিএফবি (NDFB) সদস্য সকলে আমাৰ সমাজত বিভ্রান্তি অনাৰ কাৰণে বিভিন্ন কথা কৈ আছে । ড্ৰাগছ বিৰোধীৰ ক্ষেত্ৰত বিটিআৰৰ চাৰিওখন জিলাৰ প্ৰশাসনে তীব্র নজৰ ৰাখি কাম কৰি আছে ।" বৰ্তমান, মূল্যবৃদ্ধি হোৱা বুলি উল্লেখ কৰি ব্ৰহ্মই পুনৰ কয়, ‘বজাৰত Unbalancing পদ্ধতিত চলাৰ বাবে দুই এখন খুচুৰা দোকানত দামৰ কিছু ইফাল সিফাল হৈছে যদিও আমি নিৰীক্ষণ কৰি আছোঁ ।’

এনকাউন্টাৰ(encounter) সম্পৰ্কত মতামত দি তেওঁ কয়, "আমাৰ চৰকাৰক বিৰোধী দলসমূহে এনকাউন্টাৰ চলোৱা বুলি অভিযোগ কৰিব বিচাৰিছে । কিন্তু, নিৰাপত্তাৰক্ষীৰ হাতৰ পৰা বন্দুক কাঢ়ি নিব বিচৰা লোকজনক নিয়মানুসাৰে আত্মৰক্ষাৰ খাতিৰত আঠুৰ তলতহে গুলিওৱা কথাটো আপোনালোকে সকলোৱে বিদিত।" ইয়াৰ লগতে, বিটিআৰ চৰকাৰখনে সম্প্ৰতি বিটিআৰ উন্নয়নৰ কাম তীব্র গতিৰে কৰি আছে বুলিও কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মন্তব্য কৰে ।

লগতে পঢ়ক :কিয় আকৌ বিতৰ্কলৈ আহিল পৰেশ বৰুৱা ?

ABOUT THE AUTHOR

...view details