অসম

assam

ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত ইউ জি ব্ৰহ্মৰ প্ৰচাৰ সভাঃ হাগ্ৰামাক তীব্ৰ সমালোচনা

মঙলবাৰে বাক্সাৰ কুমাৰীকাটাত ইউ জি ব্ৰহ্মই ইউ পি পি এল দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় । এই সভাতে ইউ জি ব্ৰহ্মই হাগ্ৰামাক ক্ষুৰধাৰ সমালোচনা কৰি ৰাইজক পঞ্চাশ পইছাৰ চাউলৰ পৰিৱৰ্তে সংস্থাপনৰ আহ্বান জনায়

By

Published : Apr 9, 2019, 7:16 PM IST

ইউ পি পি এল দলৰ নিৰ্বাচনী প্ৰচাৰ

বাক্সা,9এপ্ৰিলঃ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ইউ পি পি দলে । মঙলবাৰে বাক্সাৰ কুমাৰীকাটা দৰঙাজুলীৰ ব্লক সমষ্টিত ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ সভাপতি তথা ইউ পি পি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইউ জি ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাইজক সম অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি বিটিএডিত ইপিপিএল দল জয়ী হ'লে সকলো লোককে সমান মৰ্যদা দিয়া হ'ব বুলি মন্তব্য কৰে ৷ ইপিনে সাংবাদিকৰ আগত ইউ জি ব্ৰহ্মই কয় যে ৰাইজে এইবাৰ পৰিৱৰ্তন আৰু বড়ো-অবড়োৰ ৰাজনৈতিক অৱসান বিচাৰিছে । লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি হাগ্ৰামাই বড়ো ৰাইজক এলাগী কৰিছে বুলিও মন্তব্য কৰে ৷

ইউ পি পি এল দলৰ নিৰ্বাচনী প্ৰচাৰ

ইপিনে ইউ জি ব্ৰহ্মই হাগ্ৰামা মহিলাৰীয়ে ৰাইজক 50 পইচাৰ চাউল দিয়াৰ প্ৰসংগত কয় যে 50 পইচাৰ চাউল দিয়াৰ কথা কৈ হাগ্ৰামাই বিটিএডিত কিমান সংখ্যক দুখীয়া ৰাইজ আছে তাক প্ৰতিপন্ন কৰিব বিচাৰিছে বুলি কটাক্ষ কৰি বিটিএডিৰ ৰাইজক চাউলৰ পৰিৱৰ্তে সংস্থাপন দিয়াৰ আহ্বান জনায়। ইউ জি ব্ৰহ্মৰ দাবী তেওঁ এইবাৰ ৫ লাখতকৈ অধিক ভোট লাভ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয় লাভ কৰিব ।

ABOUT THE AUTHOR

...view details