অসম

assam

ইউপিপিএলত যোগদান 2 শতাধিক লোকৰ

By

Published : Aug 25, 2020, 10:47 PM IST

বিটিচিত অব্যাহত আছে ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ ৷ মঙলবাৰে বাক্সাৰ বিনোৱাপুৰত অনুষ্ঠিত হয় ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভা । উক্ত সভাতে প্ৰায় দুই শতাধিক লোকে যোগদান কৰে ইউপিপিএলত ৷ সভাত হাগ্ৰামাৰ ১৭ বছৰীয়া অপশাসনৰ ওৰ পেলাই বিটিচিৰ পৰা বিপিএফক উৎখাট কৰিবলৈ ইউ পি পি এল দলৰ প্ৰতি বিটিচিৰ সকলো জাতি জনগোষ্ঠীয়ে সমৰ্থন আগবঢ়াব বুলি মত প্ৰকাশ ইউ পি পি এল কেন্দ্ৰীয় সমিতিৰ সম্পাদক কমল চৌধুৰীৰ ৷

ইউপিপিএল
বিটিচিত নিৰ্বাচনী কুচকাৱাজ, ইউপিপিএলত যোগদান 2 শতাধিক লোকৰ

বাক্সা, 25 আগষ্টঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী COVID-১৯ ৰ ভয়াৱহ সংক্ৰমনৰ প্ৰতিহত কৰাৰ বাবে দেশ জুৰী তলা বন্ধৰ বাবে স্থগিত ৰখা হৈছে বিটিচিৰ পৰিষদীয় নিৰ্বাচন ৷ তলা বন্ধৰ বাবে স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচনৰ পৰবৰ্তী দিন ঘোষণা কৰা হোৱা নাই যদিও শেহতীয়াকৈ সমগ্ৰ বিটিচিত বৃদ্ধি পাইছে বিপিএফ, বিজেপি, ইউপিপিএলকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ ৷ মঙলবাৰে তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিটিচিৰ ২৭ নম্বৰ দৰংগাজুলী পৰিষদীয় সমষ্টিৰ অধীনষ্ঠ বঙালী জনগোষ্ঠী লোকৰ বসতি প্ৰধান অঞ্চল বিনোৱাপুৰ দূৰ্গামন্দিৰ প্ৰাংগনত ইউপিপিএল দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুস্থিত হয় ৷

দৰঙাজুলী ব্লক ইউপিপিএলৰ সভাপতি কমলেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুস্থিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি ইউৰিপিএল কেন্দ্ৰীয় সমিতিৰ সম্পাদক কমল চৌধুৰীয়ে কয় যে, এইবাৰ নিৰ্বাচনত বিটিচিত বিপিএফ দলৰ পতন ঘটিব ৷ বিগত সোতৰ বছৰে উন্নয়নৰ নামত হাগ্ৰামা বাহিনীয়ে লুটিপুটি খালে ৷ হাগ্ৰামাৰ ১৭ বছৰীয়া অপশাসনৰ ওৰ পেলাই বিটিচিৰ পৰা বিপিএফক উৎখাট কৰিবলৈ ইউপিপিএল দলৰ প্ৰতি বিটিচিৰ সকলো জাতি জনগোষ্ঠীয়ে সমৰ্থন আগবঢ়াই ৷ নিজৰ পতন নিশ্চিত পতন দেখি এতিয়া হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ বাঙালী সম্প্ৰদায়ৰ বসতি প্ৰধান অঞ্চলৰ কিছুমান তথা কথিত বাঙালী নেতাক ৩০-৪০ টকা ক্ৰয় কৰি বাঙালী ভোটৰে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে ৷

কিন্তু উন্নয়নৰ নামত লুটৰাজ চলেৱা হাগ্ৰামা মহিলাৰীৰ কোনে প্ৰলোভনে বিপিএফক ৰক্ষা কৰিব নোৱাৰে ৷ চৌধুৰীয়ে নিজৰ বক্তব্যত পুনৰ কয়, যি সকল বাঙালী তথা কথিত নেতাই একমাত ব্যক্তিগত স্বাৰ্থত ধনৰ লোভত বঙালী জাতিক বিপিএফৰ ওচৰত বিক্ৰী কৰিব বিচাৰিছে সেই সকল নেতাৰ সাৱধান হৈ থাকিবলৈ আহ্বান কৰে ৷ তাৰোপৰি নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰি ইউপিপিএলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুজিব আলী আহমেদ, ২৭ নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী সুশীল দাসেও নিৰ্বাচনী ভাষণ ৰাখে ৷

বিটিচিত নিৰ্বাচনী কুচকাৱাজ, ইউপিপিএলত যোগদান 2 শতাধিক লোকৰ

উল্লেখ্য যে, সভাতেই বৃহত্তৰ বিনোৱাপুৰ,আঙাৰকাটা অঞ্চলৰ প্ৰায় দুশ গৰাকী পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷ আজিৰ নিৰ্বাচনী সভাত ২৬ নং দৰঙাজুলী সমষ্টিৰ প্ৰাৰ্থী ফনিন্দ্ৰ নাৰ্জাৰী, ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হজৰত আলি,ৰাফেল দৈমাৰী, সাংগঠনিক সম্পাদক স্বপন দাস, নেৰখাং খাকলাৰী, বিবেক ৰয়, তামুলপুৰ জিলা ইউ পি পি এলৰ সভাভতি বিপুল বসুমতাৰীৰ লগতে কেইবাগৰাকী নেতা কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ABOUT THE AUTHOR

...view details