অসম

assam

ETV Bharat / state

ইউপিপিএল দলে কোনো জাতিক প্ৰতিনিধিত্ব নকৰাৰ আশ্বাস প্ৰমোদ বড়োৰ

বৃহস্পতিবাৰে বাক্সাৰ মেদাঘাট খেলপথাৰত ইউপিপিএল দলৰ নিৰ্বাচনী সভা ৷ সভাত দলটো সন্দৰ্ভত ভাষণ প্ৰদান কৰাৰ লগতে বিপিএফক সমালোচনা সভাপতি প্ৰমোদ বড়োৰ ৷

By

Published : Oct 8, 2020, 7:23 PM IST

UPPL election campaign in Baksa
ইউপিপিএল দলৰ নিৰ্বাচনী সভা

বৰমা,8 অক্টোবৰ: বাক্সা জিলাৰ 24 নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেদাঘাট খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ নিৰ্বাচনী সভাত দলটোৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে সভাপতি প্ৰমোদ বড়োৱে ৷

ৰাইজক উদ্দেশ্যি সভাপতি বড়োৱে কয় যে,ইউপিপিএল দল কোনো এটা জাতিৰ দল নহয় ৷ এই দলে কোনো এটা জাতিক প্ৰতিনিধিত্ব নকৰে ৷ বিটিএডি ৰাইজে পৰিৱৰ্তন বিচাৰিছে ৷ বিটিএডিত বিপিএফে ভয়-ভাবুকিৰে শাসন চলাইছে ৷ বিগত 17 বছৰে বিপিএফে শিক্ষাৰ কাৰণে একো নকৰিলে,যাৰ বাবে যুৱক-যুৱতীসকলে কৰ্মহীনতাত দিন কটাবলগীয়া হৈছে ৷

ইউপিপিএল দলৰ নিৰ্বাচনী সভা

ইয়াৰোপৰি প্ৰমোদ বড়োৱে সমষ্টিটোৰ ইএম অনসুমৈ শুংগুৰ বড়োক সমালোচনা কৰি কয় যে,বিটিএডিত কৃষি বিভাগৰ দায়িত্বত থাকিও সমষ্টিৰ কৃষকসকলৰ বাবে তেওঁ একো কৰি দিব নোৱাৰিলে ৷ ইউপিপিএল দলে শাসনলৈ আহিলে ৰাইজৰ ভূমিৰ অধিকাৰ,ৰাজনৈতিক অধিকাৰৰ লগতে শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিব ৷

এই নিৰ্বাচনী সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি দিপক কুমাৰ বসুমতাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ইউপিপিএল দলত যোগদান কৰে ৷ সভাখনত উপস্থিত থাকে সভাপতি প্ৰমোদ বড়োসহ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ইউ.জি.ব্ৰহ্ম,ইউপিপিএলৰ কাৰ্যনিৰ্বাহ সভাৰ সাধাৰণ সম্পাদক মজিবুৰ ৰহমান ইছলাম,মহিলা গোটৰ মাইনৰিটী ছেলৰ সভানেত্ৰী মুৰ্চিদা বেগম,কেন্দ্ৰীয় মহিলা গোটৰ সভানেত্ৰী বিউটি ব্ৰহ্ম,23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জগদীশ বসুমতাৰী,24 নং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম আৰু 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাতিৰাম বড়ো ৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জনসংখ্যা নিয়ন্ত্ৰণ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details