অসম

assam

ETV Bharat / state

BTR byelection 2022: ককলাবাৰী সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে ইউপিপিএল প্ৰাৰ্থী মন্টু বড়োৱে

২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ বিজয় (UPPL won in Koklabari byelection)৷ বাক্সাৰ ১২ জুনবাক্সাৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনাৰ অন্তত মন্টু বড়োৱে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় ৷

BTR byelection 2022
BTR byelection 2022

By

Published : Jun 12, 2022, 5:16 PM IST

Updated : Jun 12, 2022, 10:10 PM IST

বাক্সা, 12 জুন: বাক্সাৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ বিজয় (UPPL won in Koklabari by election)৷ বাক্সাৰ ১২ জুনবাক্সাৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনাৰ অন্তত মন্টু বড়োৱে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় (BTR byelection 2022 result)৷

ইউপিপিএল, বিজেপি, জিএছপি মিত্ৰজোঁটৰ মন্টু বড়োৱে ৩২৫৭১ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে বিপিএফৰ শংকৰ বসুমতাৰীয়ে ১৬২২৫ টা, ভিপিআইৰ লৱ কুমাৰ বসুমতাৰীয়ে ৭৩৬টা, নিৰ্দলীয় প্ৰাৰ্থী হীৰেন শৰণীয়াই ১২২৬ টা ভোট লাভ কৰি কৰিবলৈ সক্ষম হয় ৷

২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিত ইউপিপিএল প্ৰাৰ্থীৰ বিজয় সাব্যস্ত

ইউপিপিএল দলৰ প্ৰাৰ্থী মন্টু বড়োৱে ১৬৩৪৬ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে, ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিত মুঠ ভোটাৰ আছে ৭২,৪১৬ গৰাকী । ইয়াৰে ৩৫,৭৫৬ গৰাকী পুৰুষ আৰু ৩৬,৬৬০ গৰাকী মহিলা ভোটাৰ । ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশাসনে ৯৭ টা ভোট কেন্দ্ৰক ৫ টা জ'ন আৰু ১০ টা চেক্ট'ৰত বিভক্ত কৰিছিল ৷ পূৰ্বতে প্ৰমোদ বড়ো ইয়াৰ পৰা জয়ী হৈছিল যদিও বিটিচি প্ৰধান হোৱাৰ পাচতে তেওঁ এটা সমষ্টি এৰি দিব লগীয়া হয় ৷

লগতে পঢ়ক:KAAC Election 2022 Result: কোনে মাৰিব শেষ হাঁহি ?

Last Updated : Jun 12, 2022, 10:10 PM IST

ABOUT THE AUTHOR

...view details