বাক্সা, ১৯ মাৰ্চঃ বৰমা সমষ্টিত ৰাইজে ১৭ বছৰে কোনো ধৰণৰ উন্নয়ন দেখা নাপালে ৷ যাৰ বাবে শনিবাৰে বৰমাৰ ৰাইজে স্বতঃফূৰ্তভাৱে মোক বিজয়ী কৰিবলৈ ওলাই আহিছে বুলি মন্তব্য কৰে ৬২ নং বৰমা বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ভূপেন বড়োৱে ৷
বৰমাত ইউপিপিএল প্ৰাৰ্থী ভূপেন বড়োৰ মনোনয়ন দাখিল - শিক্ষা ব্য়ৱস্থাৰ উন্নীতকৰণ
৬২ নং বৰমা বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ভূপেন বড়োৰ মনোনয়ন দাখিল ৷ সমষ্টিত থকা গৰাখহনীয়া ৰোধ, বানপানীৰ সমস্যা, শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণ কৰাৰ প্ৰতিশ্ৰুতি ৷
![বৰমাত ইউপিপিএল প্ৰাৰ্থী ভূপেন বড়োৰ মনোনয়ন দাখিল বৰমাত ইউপিপিএল প্ৰাৰ্থী ভূপেন বড়োৰ মনোনয়ন দাখিল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11070482-thumbnail-3x2-barr.jpg)
বৰমাত ইউপিপিএল প্ৰাৰ্থী ভূপেন বড়োৰ মনোনয়ন দাখিল
বৰমাত ইউপিপিএল প্ৰাৰ্থী ভূপেন বড়োৰ মনোনয়ন দাখিল
মনোনয়নপত্ৰ প্ৰদান কৰিবলৈ যোৱাৰ সময়ত নিজ বাসভৱনৰ সন্মুখত এইদৰে কয় ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ বৰমা ৰাইজে নিৰ্বাচিত কৰিলে গৰাখহনীয়া ৰোধ, বানপানীৰ সমস্যা সমাধান, শিক্ষা ব্য়ৱস্থাৰ উন্নীতকৰণ বিষয়বোৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে ৷
লগতে পঢ়কঃঅভিজিত হাজৰিকাৰ হৈ নিৰ্বাচনী প্রচাৰ চলালে গৌৰৱ গগৈ