বাক্সা,7ছেপ্টেম্বৰ : শনিবাৰে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পদ্মপাৰত উদ্ধাৰ হয় এটি যুৱকৰ মৃতদেহ ৷ স্থানীয় এজন লোকে অঞ্চলটোৰ সীমান্তৰে বৈ যোৱা দৰঙা নদীত গা ধুবলৈ যাওতেই প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ ইয়াৰ পাছতে লোকজনে অঞ্চলবাসীৰ লগতে তামুলপুৰ আৰক্ষীক খবৰ দিয়ে ৷ বৰ্তমানলৈ মৃতদেহটোৰ পৰিচয় চিনাক্ত হোৱা নাই ৷
বাক্সাত উদ্ধাৰ অচিনাক্ত মৃতদেহ - এটি যুৱকৰ মৃতদেহ
বাক্সা জিলাৰ পদ্মপাৰত উদ্ধাৰ এটি মৃতদেহ ৷বৰ্তমানলৈ মৃতদেহটো চিনাক্ত হোৱা নাই ৷ ঘটনাস্থলীত উপস্থিত তামুলপুৰ আৰক্ষী৷
বাক্সাত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ইফালে অচিনাক্ত মৃতদেহটো উদ্ধাৰৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ স্থানীয় লোকৰ সন্দেহ প্ৰায় 24 বছৰীয়া যুৱকজনক কোনো দুষ্ট লোকে হত্যা কৰি পেলাই থৈ যায় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ যোৱাৰ লগতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখে তদন্ত ৷