বাক্সা, 27 ডিচেম্বৰ:গোৱালপাৰাৰ ডিটেনচন কেম্পৰ পৰাঅৱশেষত মুকলি কৰি দিলে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ বগৰিখুটিৰ দুই বৃদ্ধাক । চাৰি বছৰৰো অধিক কাল প্ৰকৃত ভাৰতীয় হোৱা স্বত্বেও ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা হৈছিল ফণী ৰয় আৰু সুভাষ ৰয় নামৰ লোক দুজনক। কিন্তু দল-সংগঠনৰ ধাৰাবাহিক আন্দোলন আৰু স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক খগেন দাসৰ তৎপৰতাত পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহি দুই বিদেশী ঘোষিত লোক।
ডিটেনচন কেম্পৰ পৰা মুকলি বাক্সাৰ দুই বৃদ্ধক - প্ৰকৃত ভাৰতীয়
অৱশেষত মুকলি আকাশৰ তললৈ আহিল তামুলপুৰৰ দুই বিদেশী ঘোষিত লোক ৷ উৎফুল্লিত পৰিয়ালৰ লগতে দল-সংগঠন। চাৰি বছৰৰো অধিক কাল প্ৰকৃত ভাৰতীয় হোৱা স্বত্বেও ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা হৈছিল ফণী ৰয় আৰু সুভাষ ৰয় নামৰ লোক দুজনক।
![ডিটেনচন কেম্পৰ পৰা মুকলি বাক্সাৰ দুই বৃদ্ধক ডিটেনচন কেম্পৰ পৰা মুকলি দুই বৃদ্ধক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5505964-thumbnail-3x2-ll.jpg)
ডিটেনচন কেম্পৰ পৰা মুকলি দুই বৃদ্ধক
ডিটেনচন কেম্পৰ পৰা মুকলি দুই বৃদ্ধক
আনহাতে নিজ বাসগৃহলৈ উভতাৰ পিচতে উৎফুল্লিত হৈ পৰিছে ফণী ৰয় আৰু সুভাষ ৰয়ৰ পৰিয়াল-আত্মীয়ৰ লগতে দল-সংঘঠন সমূহ। জানিব পৰা মতে সুভাষ ৰয় এগৰাকী সমাজকর্মীৰ লগতে দন্ত চিকিৎসক। উল্লেখ্য যে, প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ লগতে প্ৰয়োজনীয় সকলো নথি-পত্ৰ থকাৰ পিচতো সীমান্ত শাখাৰ একাংশ বিষয়াৰ দায়িত্বহীনতাৰ বাবেই বৰ্তমানো বহু লোকে বিদেশীৰ অপযশ লৈ ডিটেনচন কেম্পত থাকিবলগীয়া হোৱা বুলি অভিযোগ উত্থাপিত কৰে একাংশই ৷
লগতে পঢ়ক: শ্বহীদৰ ত্যাগক অথলে যাব নিদিওঁ : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
Last Updated : Dec 27, 2019, 8:36 PM IST