বাক্সা,16মে':নগাঁৱৰ বামুণী পাহাৰৰ তপতজুৰিত অস্বাভাৱিকভাৱে 18 টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাক লৈ সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু মানাহ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শনিবাৰে বাক্সা জিলাৰ শালবাৰীৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সন্মুখত একত্ৰিত হৈ দুয়োটা সংগঠনৰ কৰ্মী সকলে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বজ্রপাতত একেলগে 18 টাকৈ হাতীৰ মৃত্যু হোৱাৰ ঘটনাৰ আঁৰত কিবা ৰহস্য আছে ৷ কাৰণ একেলগে আটাইকেইটা হাতীৰ মৃত্যু স্বাভাৱিক নহয় ৷
ছাত্র সংগঠন দুটাৰ নেতৃবৃন্দই হাতীকেইটাৰ মৃত্যুত সন্দেহ প্ৰকাশ কৰি নৱগঠিত চৰকাৰৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য সহিতে আৰক্ষী-প্ৰশাসনক এই ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ ছাত্ৰ সংগঠন দুটাৰ প্ৰশ্ন, বজ্রপাতত এটা বা দুটা হাতীৰ মৃত্যু হ'ব পাৰে কিন্তু ইমান কেইটা হাতীৰ কেনেকৈ মৃত্যু হ'ল ? যদি বনৰীয়া হাতীৰ বাবে স্থানীয় লোকৰ অসুবিধা হৈছিল তেন্তে বন বিভাগে ইয়াক স্থানান্তৰৰ ব্যৱস্থা নকৰিলে কিয় ?