অসম

assam

ETV Bharat / state

জালাহত দুজন ক’ভিড আক্ৰান্ত ব্যক্তি চিনাক্ত - covid-19 update

বাক্সাৰ জালাহৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত দেওবাৰৰ পৰা অনলাইনত ৰেজিষ্টাৰ হোৱা ১৫০ গৰাকী লোকৰ ভিতৰত ১০৯ গৰাকীক ক'ভিড-১৯ৰ টীকাকৰণৰ বাবে ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় ৷ ইয়াৰে দুগৰাকী ব্যক্তি ক'ভিডত আক্ৰান্ত বুলি চিনাক্ত হয় ।

জালাহৰ ক'ভিড টিকাকৰণত দুজন ক’ভিড আক্ৰান্ত ব্যক্তি চিনাক্ত
জালাহৰ ক'ভিড টিকাকৰণত দুজন ক’ভিড আক্ৰান্ত ব্যক্তি চিনাক্ত

By

Published : May 17, 2021, 11:11 AM IST

বাক্সা,17 মে':বাক্সা জিলাতো ১৮-৪৪ বছৰৰ লোকক ক'ভিড-১৯ ৰ টীকাকৰণ প্ৰদান কৰা হয় । বাক্সাৰ জালাহ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত দেওবাৰৰ পৰা অনলাইনত ৰেজিষ্টাৰ হোৱা ১৫০ গৰাকী লোকৰ ভিতৰত ১০৯ গৰাকীক ক'ভিড ১৯ ৰ টীকাকৰণৰ বাবে ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় ৷ ইয়াৰে দুগৰাকী ব্যক্তিৰ ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হয় । ক'ভিড আক্ৰান্ত দুগৰাকী নলবাৰীৰ ৰহন নাথ(২২) আৰু বৰমাৰ দেৱাশীষ ব্ৰহ্ম(৪১) বুলি জানিব পৰা গৈছে । ক'ভিড আক্ৰান্ত লোক কেইগৰাকীক নিজ গৃহত চিকিৎসা গ্ৰহণৰ বাবে চিকিৎসকে পৰামৰ্শ প্ৰদান কৰে ।

আনহাতে, দেওবাৰে স্বাস্থ্য কেন্দ্ৰটিত ৪৫ বছৰৰ ঊৰ্ধৰ ৯ গৰাকীকে ধৰি মুঠ ১১৮ গৰাকীক ক'ভিড-১৯ ৰ টীকা প্ৰদান কৰা হয় । বিগত ২৪ ঘন্টাত বাক্সাত ৬০ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছত জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা ৮৪৮ গৰাকীলৈ বৃদ্ধি পাইছে ।

জালাহত দুজন ক’ভিড আক্ৰান্ত ব্যক্তি চিনাক্ত

উল্লেখ্য যে, সম্প্ৰতি বাক্সা জিলাত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৫৬৬ গৰাকী ৷ ইয়াৰ ভিতৰত মুঠ ২৭১ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ২৯ গৰাকী চিকিৎসালয়ত আৰু ৫৩৭ গৰাকীয়ে নিজ গৃহত চিকিৎসাধীন অৱস্থাত আছে । ইতিমধ্যে জিলাখনৰ ১১ গৰাকী লোকে ক'ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:অসমত ২৪ ঘণ্টাত ৫,৩৪৭ গৰাকী লোক আক্ৰান্ত কৰ'ণাত; মৃত্যু ৬৩ গৰাকীৰ !

ABOUT THE AUTHOR

...view details