তামুলপুৰ, 17 চেপ্তেম্বৰঃতামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ নাওকটাত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নাওকটাৰ বিবেকানন্দ একাডেমীৰ সমীপত দুখন অল্টো বাহন আৰু এখন বাইকৰ মাজত সংঘৰ্ষ হয় ৷
তামুলপুৰত দুখন অল্টো আৰু বাইকৰ সংঘৰ্ষ - গোৰেশ্বৰৰ নাওকটা
গোৰেশ্বৰৰ নাওকটাত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
তামুলপুৰত দুখন অলটো বাহন আৰু এখন বাইকৰ সংঘৰ্ষ
এই দুৰ্ঘটনাটোত বাইক আৰোহী বলেন ব্ৰহ্ম আৰু এখন অল্টোৰ আৰোহী সুকুমাৰ ঘোষ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত বলেন ব্ৰহ্মৰ ঘৰ নাওকটাত আৰু সুকুমাৰ ঘোষৰ ঘৰ বাঙালী পাৰাত বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকীকে নাওকটা প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷